
ডিফু : কৰ’না ভাইৰাছৰ বাবে জনজীৱনত ব্যাপক প্ৰভাৱ পৰাৰ সমান্তৰালকৈ যোৱা নিশা হোৱা মুষলধাৰ বৰষুণৰ ফলত ডিফুৰ বিস্তৃৰ্ণ এলেকা জলমগ্ন হৈ পৰে৷ নিশা তিনি ঘণ্টাজোৰা প্ৰৱল বৰষুণৰ ফলত ডিফু নদী ফেনে ফুটুকাৰে ভৰি পৰে ৷
ফলস্বৰূপে ডিফু মেডিকেল কলেজ আৰু হাস্পাতাল চৌহদত কৃত্ৰিম বানৰ সৃষ্টি এক ৰোগীসকলৰ মাজত এক অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হয়৷ ইয়াৰোপৰি চহৰৰ মূল বজাৰকে ধৰি পানবাৰী, শীতলাবাড়ী, শান্তি পট্টি, হৰিলাল বস্তি, ধৰমনালা আৰু চহৰখনৰ কেতবোৰ এলেকা প্লাৱিত হৈ পৰে৷ পানবাৰী এলেকাত বানপিড়িত লোকসকলে বানৰ পৰা পৰিত্ৰাণ পাবলৈ অস্থায়ী শিৱিৰ পাতি লৈছে ৷
ডিফু মেডিকেল কলেজৰ ভৱন অতিশয় দ’ ঠাই আৰু পানী নিষ্কাষণৰ সু-ব্যৱস্থা নথকাৰ বাবে মেডিকেল কলেজখন অবাঞ্চিত বানৰ কৱলত পৰিবলগীয়া হয় বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰিছে৷
ইফালে, ডিফু নদীৰ পাৰে পাৰে কেতবোৰ গৃহ নিৰ্মাণ আৰু অবৈধ দেৱাল নিৰ্মাণৰ বাবে সামান্য বৰষুণতো কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে ৷












