![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ডিফুত ক’ৰোনাই গণসংক্রমণৰ ৰূপ লৈছে। ডিফু ৰেল ষ্টেচন কলনি এতিয়া হৈ পৰিছে কভিড হট স্পট। জিলা স্বাস্থ্য বিভাগে জাৰি কৰা তথ্য অনুসৰি ডিফু ৰেল ষ্টেচন কলনিত ১৯ গৰাকী লােকৰ দেহত কভিড পজিটিভ পােৱা গৈছে।
একেদৰে অসম নাগালেণ্ড সীমান্তৰ ৰঙাপাহাৰ বিঅ পিৰ চাৰিগৰাকী জোৱান ক’ৰোনাত আক্রান্ত হৈছে। তেওঁলােক ক্রমে বসন্ত দাউলা গুপু, বিদ্যাছিং তিমুঙ চিত্ত কলিতা আৰু নিশিকান্ত বসুসতাৰী। মানজাৰ শিলনীত অবস্থিত ২৩ আইআৰবিএনৰ জোৱান গােবিন্দ বসুমতাৰী, পুলক নাথ আৰু সুপেন্দ্র বাজবংশী ও ক’ৰোনাত আক্রান্ত হৈছে।
ইপিনে, ডিফুৰ ধৰমনলাতাে দুগৰাকী লােকৰ দেহত কৰ’না পজিটিভ বুলি ধৰা পৰিছে। উল্লেখ্যযে ৰাজ্যৰ আন প্রান্তৰ তুলনাত কাৰ্বিআলং জিলা সদৰ ডিফুত কভিড পৰীক্ষা যথেষ্ট কম হােৱা পৰিলক্ষিত হেছে। শনিবাৰ আৰু দেওবাৰ যদিও চহৰখনত লকডান সম্পূর্ণ ৰূপে মানি চলা হয় যদিও সপ্তাহটোৰ আন পাঁচটা দিন ডিফু চহৰত কেন্দ্রীয় আৰু ৰাজ্যিক স্বাস্থ্য বিভাগে জাৰি কৰা নির্দেশনা সম্পূর্ণ উলংঘা কৰা পৰিলক্ষিত হয়।
বিশেষকে ডিফু বজাৰত আৰক্ষীয়ে গিজগিজাই থাকে যদিও ব্যস্ততাপূর্ণ চহৰখনত দোকানে দোকানে কোনাে সামাজিক দূৰত্ব নমনাকৈ ভিৰ পৰিলক্ষিত হয়। সময় থাকোতেই যদি চহৰখনত ক’ৰোনা নিয়ন্ত্রণত আনিব নােবাৰে তেনেহলে আগস্তক দিনত চহৰখনলৈ ভয়াবহ দিন অহাটো নিশ্চিত হে পৰিছে।













