
ডিফু : অতিমাৰী কৰ’না মহামাৰীৰ মাজতে ক্ৰমান্বয়ে বৃদ্ধি পাইছে ইটোৰ পিছত সিটো অপৰাধ মূলক ঘটনা ৷ সৌ সিদিনা বকলীয়াঘাটত এজন বন্ধুয়ে মাত্ৰ এখন প্লাষ্টিকৰ চকী ভঙাক কেন্দ্ৰ কৰি সতীৰ্থ বন্ধুক ঘপিয়াই হত্য কৰাৰ কৰুণ ঘটনা মাৰ নৌযাওঁতেই এইবাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ৫ সতীৰ্থ বন্ধুই মিলি সতীৰ্থ বন্ধুক হত্যা কৰি ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি খেৰণিৰ বৰ-মাটিখোলাত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা ৷ পাঁচ সতীৰ্থই মিলি হত্যা কৰিলে জিতেন্দ্ৰ ৰাম নামৰ ২০ বছৰীয়া এজন যুৱকক। হত্যা কৰি আমৰেং বনাঞ্চলৰ ভিতৰত ৰচীৰে গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ জিতেন্দ্ৰ ৰামৰ মৃতদেহ। ৰবিবাৰৰ নিশা চাৰিজন সতীৰ্থৰ সৈতে হাতী পহৰা দিবলৈ একেলগে টঙি ঘৰত আছিল জিতেন্দ্ৰ।
ইতিমধ্যে, পাঁচ হত্যাকাৰীক সোধা-পোচাৰ বাবে আটক কৰিছে আৰক্ষীয়ে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
হত্যাকাৰীৰ অভিযুক্ত কেইজন হৈছে সোধেশ মাৰাক (২৫), এঞ্জেলেশ মাৰাক (১৭), জিৰিম মাৰাক (১৭) আৰু শ্ৰীৰাম বিশ্বাস (২২) লগতে চুবুধ ৰাজভৰ (২২) ইতিমধ্যে আটাইকেইজন অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে।
এই সন্দৰ্ভত খেৰণি থানাত ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত খেৰণি থানাত ১০৯/২০২০ নম্বৰত এক গোচৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷












