![]()
স্টাফ ৰিপৰ্টাৰ,ডিফু:
আতিমাৰী কৰ’নাৰ কাল চক্ৰত বহুতে জীৱন মৰণৰ সৈতে যুঁজদি সৰ্বস্ব হেৰুৱাৰ লগতে একাংশই তিক্ত, আৰু মধুৰ অভিজ্ঞতা আহৰণ কৰিছে ৷ এফালে পিপিই কিট পিন্ধি ঘণ্টা ঘণ্টা জুৰি চিকিৎসাত ব্যস্ত স্বাস্থ্য কৰ্মীৰ দুখ- দুৰ্দশা আনহাতে আপোনজনক দূৰৈত ৰাখি ক’ভিড হাস্পাতালত কেৱল স্বাস্থ্য কৰ্মী সকলৰ নিৰিক্ষণত থকা কৰ’নাক্ৰান্ত সকলৰ জীৱন গাঁথা ইতিহাসত স্মৰণীয় হৈ থাকিব ৷ তেনে এক কঠিন সময়তে সাক্ষী হৈ ৰ’ ল ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ১৯ হাস্পাতাল ৷
সকলোকে বিস্মিত কৰি হাস্পাতালটোত চিকিৎসাধীন কৰ’নাত অাক্ৰান্ত এগৰাকী মহিলাই জন্ম দিলে এটি ল’ৰা সন্তান ৷ ক’ভিড-১৯ হাস্পতালতে অস্ত্ৰোপ্ৰচাৰ কৰি সন্তান প্ৰসৱ কৰালে চিকিৎসকৰ দলে ৷বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালৰ ( পুৰণা ব্লক)ত সুস্থ অৱস্থাত মাতৃ আৰু নৱজাতক সন্তান ৷
উল্লেখযোগ্য যে যোৱা ২৩ জুলাইত মহিলা গৰাকীৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯ পজিটিভ ৷
লগে লগে মহিলা গৰাকীক ভৰ্তি কৰা হৈছিল DMCHৰ Old Blockত স্থাপন কৰা ক’ভিড-১৯ হাস্পতালত ৷ কৰ’নাৰ অাতংকৰ মাজত স্বাভাৱিকতেই সকলোৰে বাবে ই এটা ভাল খবৰ ৷













