![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলংবাসীৰ বাবে এক দু:খবৰ! আৰু এজন ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈ জিলাখনৰ ক’ৰোনাক্ৰান্তৰ মৃত্যুৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পালে ৷ এইবাৰ জিলাখনত কভিড-১৯ য়ে প্ৰাণ ললে জিলখনৰ পশ্চিম সংমণ্ডলৰ জিলা বন বিষয়া জয়ছিং বে’ (৫৯) ৰ ৷ এইলৈ জিলাখনৰ দুজনকৈ সৎ বিষয়াই ক’ৰোনাত আক্ৰান্তহৈ মৃত্যুক আকোঁৱালি লবলগীয়া হ’ল ৷

পূৰ্বে বিষয়া গৰাকী বিভিন্ন বেমাৰত ভুগি থকাৰ পিছত ক’ভিড পৰীক্ষা কৰোতে তেওঁৰ ক’ভিড- ১৯ ৰ ফলাফল পজিটিভ আহে ৷ তাৰ পিছত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও তেওঁ চিকিৎসাধীন অৱস্থাত যোৱা নিশা ১০ বাজি ০৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে ৷
এক বাৰ্তাত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সাংসদ হৰেণ ছিং বে’ই জনায় যে, আমি মহামাৰী ক’ৰোনাৰ কালচক্ৰত এগৰাকী দক্ষ, আৰু নিজৰ কৰ্তব্য সম্পাদনত ত্যাগী এজন কাৰবি বিষয়া হেৰুৱালোঁ ৷
দুয়ো গৰাকী নেতাই মৃত জিলা বন বিষয়া জয়ছিং বে’ ৰ মৃত্যুত শোক সন্তপ্ত পৰিয়াল বৰ্গ আৰু শুভাকাংখী সকললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰে ৷ বন বিভাগৰ মৃত্যুৰ প্ৰতি দুখ প্ৰকাশ কৰি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে আজি অৰ্দ্ধ বন্ধ পালন কৰাৰ আহ্বান জনাইছে বুলি জানিব পৰা গৈছে ৷













