
লংকা : যোৱা ১৯ তাৰিখৰ পৰা নিৰুদ্দেশ হৈছে যুৱকজন । যুৱকজনৰ নাম বচিৰ আলম ওৰফে বাবলু। মানসিকভাৱে অসুস্থ আছিল যুৱকজন।
জানিব পৰা মতে ডিফুৰ নিবাসী আব্দুল হালিমৰ পুত্ৰ বচিৰ আলম (বাবলু) যোৱা ১৯ তাৰিখত খোজকাঢ়ি ডিফুৰ পৰা লামডিংলৈ আহিছিল। লামডিংৰ পৰা বৰ্তমান লৈকে তেওঁ সন্ধানহীন হৈ আছে। আৰক্ষীয়ে যুৱকজনক ৰাজধানী ট্ৰেইনত উঠাই দিয়াৰ অভিযোগ উত্থাপন কৰে যুৱকজনৰ পৰিয়ালৰ লোক।
পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি যোৱা ১৯ তাৰিখে ৰাতি যুৱকজনে লামডিং লৈ আহি লামডিং ৰে’ল ষ্টেচনৰ সমীপতে ঘূৰি ফুৰিছিল ৷ লামডিংৰ এটা স্বেচ্ছাসেৱী সংগঠনে যুৱকজনক লামডিং আৰক্ষীক গতাই দিছিল যদিও আৰক্ষীয়ে যুৱকজনক ট্ৰেইনত উঠাই দিয়ে । ফলত বৰ্তমানলৈকে যুৱকজনৰ সন্ধান বিচাৰি পোৱা নাই । পৰিয়ালৰ লোকে ডিফু আৰক্ষী থানত নিৰুদেশ হোৱাৰ এজেহাৰ দাখিল কৰে।












