
ষ্টাফ ৰিপৰ্টাৰ
ডিফু : ক’ৰনাসৃষ্ট বাধ্য বাধকতাৰ মাজেৰে আজি সমগ্র কাৰ্বি আংলং জিলাতে কার্বি ছাত্র সন্থাৰ ৬১সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰা হয়। ডিফুৰ ৰংথেয়াংস্থিত কার্বি ছাত্র সন্থাৰ মুখ্য কার্যালয়ত আজি এই উদ্দেশ্যে আয়োজিত হোৱা এক বিশেষ অনুষ্ঠানত ক’ৰোনাৰ সম্পূৰ্ণ প্ৰটকল পালন কৰি কাৰ্বি ছাত্র সন্থাৰ সভাপতি বিজয় বেয়ে পতাকা উত্তোলন কৰি কার্যসূচীৰ শুভাৰস্ত কৰে। ছাত্র সংগঠনটোৰ প্রতিষ্ঠা দিৱস উপলক্ষে কেইবাজনো বিশিষ্ট ব্যক্তি তথা ছাত্র সংগঠনটোৰ নেতা-কর্মীসকলৰ অংশগ্রহণেৰে কেক কাটি প্রতিষ্ঠা দিৱসৰ আনুষ্ঠানিকতা পালন কৰে। পিছতে সস্থাৰ সভাপতি বিজয় বেৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত কৰা হয়। কাঞ্চাছডিকমৰ সভাপতি অজিত তিমুং উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বিপৰীতে কাঞ্চাছডিকমৰ সাধাৰণ সম্পাদক ছিং তিমুং আৰু কার্বি ছাত্র সন্থাৰ প্রাক্তন সভাপতি বিশেশ্বৰ হাঞ্চেই সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা সভাখনত কাৰ্বি আংলঙৰ দীর্ঘদিনীয়া ৰাজনৈতিক দাবী স্বায়ত্ত শাসিত ৰাজ্যৰ দাবী সম্পর্কে আলোচনা কৰাৰ লগতে ছাত্র সংগঠনটো বিগত সময়ছোৱাতত গ্রহণ কৰি অহা ভূমিকাৰ লগতে সাম্প্রতিক সময়ৰ শিক্ষা ব্যবস্থাৰ বিভিন্ন সুবিধা-অসুবিধা সম্পর্কেও আলোচনা কৰা হয়। সামাজিক মাধ্যমযোগে প্ৰেৰণ কৰা এক বাৰ্তাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনত বহু বিভক্তহৈ থকা কাৰ্বি ছাত্ৰ সন্থাৰ আটাইকেইটা গোটক একেটা মঞ্চৰ পৰা জিলাখনৰ দীৰ্ঘদিনীয়া দাবী অনুচ্ছেদ ২৪৪(ক)ৰ সপক্ষে সংগ্ৰাম কৰিবলৈ আহ্বান জনায় ৷
ইয়াৰোপৰি জিলাখনত কাৰবি ছাত্ৰ সন্থা গঠন কৰা প্ৰতিষ্ঠাপক সভাপতি প্ৰতাপ চন্দ্ৰ টকবী আৰু সাধাৰণ সম্পাদক গান্ধীৰাম তিমুঙৰ প্ৰচেষ্ঠাক শলাগ লয় ৷ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে বাৰ্তাটোত “শিক্ষাই জাতিৰ মেৰুদণ্ড” আখ্যা দি ছাত্ৰ-ছাত্ৰীসকলক জিলাখনৰ চুকে-কোণে গুণগত শিক্ষাৰ পৰিৱেশ গঢ়িবলৈ আহ্বান জনাইছে৷












