
ডিফু : সমগ্ৰ দেশজুৰি এতিয়া মণিপুৰৰ গাড়ীচোৰ চক্ৰ সক্ৰিয় হৈ উঠিছে ৷ মণিপুৰৰ গাড়ী চুৰি চক্ৰৰ কু দৃষ্টি এতিয়া দেশৰ ৰাজধানীৰ লগতে গুৰুত্বপূৰ্ণ চহৰৰ ব্যক্তিগত বিলাসী গাড়ীৰ ওপৰত ৷ কৰ’নাভাইৰাছৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ মাজতে নিতৌ ন-ন কৌশল অৱলম্বন কৰি সংঘটিত কৰি গৈছে ইটোৰ পিছত সিটো চুৰি কাণ্ড ৷ যোৱা ১৪ জুলাইত মণিপুৰৰ এটা চোৰে সুদূৰ হুগলীৰ পৰা এটা এল্ট চুৰি কৰি মণিপুৰ দিশে লৈ গৈ থকা অৱস্থাত মাঞ্জা আৰক্ষীৰ জালত পৰাৰ পিছত পুনৰ শনিবাৰে সন্ধিয়া মাঞ্জা আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত আৰক্ষীৰ জালত পৰে মণিপুৰৰ দুই গভাইতচোৰ লগতে উদ্ধাৰ কৰা হয় এটা মাৰুতি আৰু ক্ৰেটা ৷
আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি শনিবাৰে মাঞ্জা আৰক্ষীয়ে সন্ধিয়া নাকা তালাচী চলোৱা কালত MH32 AH5189 নম্বৰৰ এখন মাৰুতী বেলেন’ গাড়ী সন্দেশ বশত ৰাখি তালাচী চলোৱাত গাড়ীখনৰ নথি পত্ৰৰ ওপৰত আৰক্ষীৰ সন্দেহ উপজে, তাৰ পিছত গাড়ীখন মাঞ্জা থানাত আনি ভালদৰে পৰীক্ষা কৰাত গাড়ীৰ চেচিছ আৰু ইঞ্জিন নম্বৰত অসাদৃশ্য পাই গাড়ীখন চুৰি কৰা বুলি নিশ্চিত হয় ৷ মাৰুতি বেলেন’ৰ চালকৰ স্বীকাৰোক্তিৰ ভিত্তিত কাৰ্বি আংলঙৰ মাঞ্জাহৈ মণিপুৰ দিশে গৈ থকা আনখন গাড়ী KA 01 MS 8746 নম্বৰৰ বগা ৰঙৰ ক্ৰেটা গাড়ী উদ্ধাৰ কৰাৰ লগতে চালকক আটক কৰিবলৈ সক্ষম হয় ৷

গাড়ী দুখন ক্ৰমে দিল্লীৰ ময়ুৰ বিহাৰ আৰু প্ৰিতমপুৰৰ পৰা ক্ৰমে ৭ জুলাই আৰু ১২ জুলাইত চুৰি কৰিছিল বুলি আৰক্ষীয়ে জানিব দিছে ৷ চোৰ দুটাই অতি কৌশল গতভাবে গাড়ীৰ নম্বৰ প্লেট সলাই নকল নম্বৰ লগাই লোৱাৰ লগতে মণিপুৰৰ গৃহ মন্ত্ৰনালয়ৰ উপ সচিবৰ চহী জাল কৰি আন্তঃৰাজ্যিক পাছৰ অনুমতি পত্ৰ আৰু ইণ্টাৰ ষ্টেট ট্ৰেনজিষ্ট বুলি মাৰুতি বলেন’খনৰ সন্মুখৰ আয়নাত পষ্টাৰ লগাই লৈছিল ৷ চোৰ দুটা ক্ৰমে, মণিপুৰ ৰাজ্যৰ ইম্ফল জিলাৰ নিংথউবুগলেইকেইৰ লাইছৰাম নৰেন্দ্ৰে মেইটেই (৩১) আৰু আনজন ইম্ফলৰ প্ৰমপাত থানাৰ অন্তৰ্গত খুৰাই গাঁৱৰ ৰাজ কুমাৰ প্ৰশান্ত (২৭) বুলি চিনাক্ত কৰা হৈছে ৷
এই সন্দৰ্ভত মাঞ্জা থানাত ১৮/২০২০ নম্বৰত এক গোছৰ ৰুজো দিয়া হৈছে লগতে গাড়ীচোৰ দুটাক কালিলৈ ডিফু ন্যায়িক আদালতত হাজিৰ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ মাঞ্জা আৰক্ষীৰ এনে সফলতাত ৰাইজে শলাগ লৈছে ৷












