![]()
নিউজ ডেস্ক:
আজি পুৱা সন্ত্ৰসবাদীৰে সৈতে হোৱা সংঘৰ্ষত দক্ষিণ কাশ্মীৰৰ চপিয়ান জিলাৰ আমচীফৰ গাঁৱত ৩ সন্ত্ৰসবাদী নিহত হয়। নিহত সন্ত্ৰসবাদী কেইটা হিজবুল মুজাহিদীনৰ সদস্য বুলি সন্দেহ কৰা হৈছে।
এক চৰকাৰী সূত্ৰত প্ৰকাশ কৰা মতে, আৰক্ষী, চিআৰপিএফ সেনাবাহিনীৰ ৬২ ৰাজস্থান ৰেজিমেণ্টে লাভ কৰা গোপন খবৰৰ ভিত্তিত উগ্ৰপন্থীৰ সন্ধানত অঞ্চলটোত তালাচী অভিযান চলায়।
সূত্ৰটোৱে প্ৰকাশ কৰা মতে অভিযানকাৰী দলটো অঞ্চলটোত উপস্থিত হোৱাৰ লগে লগে লুকাই থকা উগ্ৰপন্থীৰ দলটোৱে অতৰ্কিতে আক্ৰমণ চলায়। প্ৰত্যুত্তৰত যুটীয়া বাহিনীৰ আক্ৰমণত তিনিটা সন্ত্ৰসবাদী নিহত হয়। উল্লেখযোগ্য যে বিগত ২৪ ঘণ্টাত উপত্যকাটোত সুৰক্ষা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত সংঘটিত এইটো দ্বিতীয়টো সংঘৰ্ষ।











