
ডিফু : কৰ’না ভাইৰাছৰ বাবে নিশাৰ ভাগত চলি থকা সান্ধ্য আইনৰ মাজতে বুধবাৰে মাজনিশা ডিফু চহৰত সংঘটিত হ’ল এক ভয়াবহ অগ্নিকাণ্ড ৷ ডিফু চহৰৰ মাজমজিয়াৰ এএছইবি মাৰ্কেটত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত পদপথৰ ওপৰতে গঢ়ি উঠা প্ৰায় ২০ খন মান ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকান জ্বলি যায় ৷ উক্ত অগ্নিকাণ্ডৰ ফলত প্ৰায় লক্ষ্যাধিক টকাৰ সা-সামগ্ৰী জুইত পুৰি ভষ্মীভূত হয় ৷

জুই লগাৰ খবৰ লাভ কৰি ডিফু আৰক্ষীৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত জুই নিৰ্বাপিত কৰে ৷ ঘটনা স্থলীৰ কাষতে আছিল এএছ ইবিৰ কাৰ্যালয় আৰু বিপৰীত দিশত আছিল ঘন জন বসতি ৷ অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ তৎপৰতাৰ ফলত জুইৰ লেলিহান শিখাই আনফালে ক্ষতি সাধন কৰিব পৰা নাই ৷ বাতৰি লিখা পৰলৈকে অগ্নিকাণ্ডৰ মূল কাৰণ জানিব পৰা হোৱা নাই ৷












