
ডিফু : মঙলবাৰে সন্ধিয়া ডিফু ‘অঞ্জলী মেডিকেল হল’ৰ ইএনটি চিকিৎসক এছ কে দাসৰ ব্যক্তিগত চেম্বাৰত এগৰাকী ২৪ বছৰীয়া বিবাহিতা মহিলাৰ ডিঙিৰ চিকিৎসা কৰিবলৈ গৈ মহিলাগৰাকীৰ শালীনতা নষ্ট কৰা কাৰ্যক লৈ সৰৱ হৈ পৰিছে কাৰ্বি আংলং জিলাৰ কেএছএকে ধৰি কেৱাইঅ’, এইছডডিডিএছ, কেএইছডিপিঅ’, কেএএছিঅ’, ইউএফচি, কেএফএ, এলৱাইডিচি, এআইএছএ আৰু এলৱাই এছঅ’ই ৷ আজি বিয়লি ডিফুৰ ৰংখেলানস্থিত কেএছএ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি চিকিৎসকগৰাকীয়ে কৰা এনে নিকৃষ্ট কাণ্ডক তীব্ৰ ভাষাত নিন্দা কৰে ৷
কেএছএৰ সাধাৰণ সম্পাদক থানছিঙ তিমুঙে সংবাদ মেলক সম্বোধন কৰি কয় যে, চিকিৎসকসকলক ভগৱানৰ দৰে জ্ঞান কৰাৰ পিছতো ডাঃ এছ কে দাসে চিকিৎসা কৰিবলৈ মহিলাগৰাকীৰ শালীনতা নষ্ট কৰাৰ চেষ্টা কৰাৰ বাবে চিকিৎসকগৰাকীক উচিত আইনৰ ধাৰাত কঠোৰতম, শাস্তি প্ৰদান কৰিব লাগে, লগতে ইণ্ডিয়ান মেডিকেল কাউঞ্চিলে শীঘ্ৰে ডাঃ এছ কে দাসৰ অনুজ্ঞা-পত্ৰ বাতিল কৰিব লাগে ৷
ইয়াৰোপৰি ঘটনা সংঘটিত হোৱা ডিফুৰ ‘অঞ্জলী মেডিকেল হল’ চীল হ’ব লাগে বুলি দাবী উত্থাপন কৰে ৷ জিলাখনত মহিলাসকলৰ ওপৰত চলা সকলো নিৰ্যাতন অপৰাধক লৈ মহিলাসকলক মুকলিকৈ ওলাই আহিবলৈ আহ্বান জনাইছে নেতাগৰাকীয়ে ৷ ডাঃ এছ কে দাসৰ বিৰুদ্ধে আৰু আন চিকিৎসকসকলে যাতে মহিলা বেমাৰীৰ ওপৰত কু-নজৰ দিব নোৱাৰে সেই বাবে আজিৰ পৰা ব্যাপক পোষ্টাৰিং কৰিব বুলি জনাইছে নেতাজনে ৷
আনহাতে, এক প্ৰেছ বিবৃতি যোগে ৯ টাকৈ সংগঠন ক্ৰমে- কেৱাইঅ’, এইছডিডিএছ, কেএইছডিপিঅ’, কেএএছিঅ’, ইউএফচি,কেএফএ, এলৱাইডিচি, এআইএছএ, আৰু এলৱাই এছঅ’ৰ নেতৃ বৰ্গই সংবাদ মাধ্যমক জনাইছে যে, মহিলাৰ শালীনতা নষ্ট কৰা চিকিৎছক এছ কে দাসক তেওঁৰ পদৰ পৰা অব্যাহতি দিব লাগে ৷ উচিত আইনৰ ধাৰা মতে শাস্তি প্ৰদান কৰিব লাগে ৷ প্ৰতিটো ব্যক্তিগত ফাৰ্মাচীত মহিলা নাৰ্চ নিযুক্তি দিয়াৰ লগতে চি চি কেমেৰা সংযোগ কৰাৰ দাবী জনায় ৷
উল্লেখ যোগ্য যোৱা যোৱা এসপ্তাহ ধৰি অঞ্জলী মেডিকেল হলত চিকিৎসক এছ কে দাসৰ ওচৰত ২৪ বছৰীয়া মহিলা গৰাকী ডিঙিৰ চিকিৎসা কৰিছিল আৰু চিকিৎসকগৰাকীয়ে মহিলাগৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে গৈ মহিলাগৰাকীৰ আপত্তিজনক স্থানত স্পৰ্শ কৰি শালীনতা নষ্ট কৰা বুলি ডিফু থানাত এজাহাৰ দিছিল ৷ ডিফু থানাই চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰে বুলি জানিব পৰা গৈছে ৷












