
ডিফু : গাড়ীচোৰ চক্ৰৰ সকলো কৌশল, মাষ্টাৰ মাইণ্ড বিফল কৰি কাৰ্বি আংলং জিলা আৰক্ষীয়ে গাড়ী চুৰি চক্ৰৰ ক’ৰিডৰ ৰূপেখ্যাত মাঞ্জা- ডিমাপুৰ পথত গাড়ীসহ গাড়ীচোৰক কৰায়ত্ত কৰি সফলতা অৰ্জন কৰি আহিছে ৷ বিভিন্ন গাড়ী চোৰ চক্ৰই নম্বৰ সলনি কৰি বা একেটা নম্বৰ লগাই কাগজ-পত্ৰ ঠিকে ৰাখি ভাড়াত যোৱা বুলি অজুহাত দেখুৱাই কাৰ্বি আংলং জিলা আৰক্ষীৰ শেন দৃষ্টিৰ পৰা সাৰি যাব পৰা নাই চতুৰ গাড়ী চোৰ চক্ৰৰ সদস্যসকল ৷
বিগত সময়ছোৱাত আন্তঃৰাজ্যিক গাড়ীচোৰ চক্ৰৰ বিৰুদ্ধে সফল অভিযান অব্যাহত ৰখা কাৰ্বি আংলং আৰক্ষীয়ে কালি সন্ধিয়া আন এটা অভিযান চলাই এখন চুৰি অল্ট’সহ এটা দুৰ্ধৰ্ষ গাড়ীচোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি কালি বিয়লি মাঞ্জা আৰক্ষীয়ে নিয়মীয়া তালাচী অব্যাহত ৰখা সময়তে পশ্চিমবংগৰ পৰা মণিপুৰ অভিমুখে আহি থকা ডব্লিউ বি-১৬-বি-এ-৭৫৯০ নম্বৰৰ ৰঙা ৰঙৰ অল্ট’-৮০০ বাহনখন ৰখাই সন্দেহবশতঃ অনুসন্ধান চলাই।
আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি পশ্চিমবংগৰ হুগলিৰ সঞ্জীত বেজ নামৰ বাহনখনৰ প্ৰকৃত স্বত্বাধিকাৰীগৰাকীয়ে অন্য এজন লোকক কোনো যাত্ৰীক হুগলিৰ পৰা কলকাতা লৈ কোনো আত্মীয় লোকক নিয়াৰ বাবে প্ৰয়োজন হোৱা বুলি অজুহাত দেখুৱাত বাহনখন দুদিনৰ বাবে প্ৰদান কৰে। গাড়ীচোৰ চক্ৰৰ সৈতে জড়িত থকা উক্ত লোকজনৰ তত্ত্বাৱধানত বাহনখন জনৈক ৰফিকুল ৰহমান ওৰফে মুল্লাৰ হাতলৈ যোৱাৰ পাছত কলকাতাৰ আলটাফ হুছেইন (২২) নামৰ চালকজনৰ দ্বাৰা বাহনখন মণিপুৰলৈ প্ৰেৰণ কৰা হয়। আলটাফ হুছেইনৰ প্ৰকৃত ঘৰ মণিপুৰৰ থাওবাল জিলাৰ লিলং আৰক্ষী থানাৰ অন্তৰ্গত লিকং মাওৰেবিমাখাত।
মাঞ্জা আৰক্ষীৰ জেৰাত ধৃত আলটাফে মণিপুৰত থকা তেওঁৰ অসুস্থ মাতৃক দেখা কৰিবলৈ যোৱা বুলি কোৱাৰ বিপৰীতে আলটাফৰ জৰিয়তে মূল অপৰাধী প্ৰতীক ভট্টাচাৰ্যৰ সৈতে হোৱা বাৰ্তালাপত আৰক্ষীক বাহনখন মণিপুৰৰ পৰা শ্ৰমিক সৰবৰাহৰ বাবে প্ৰেৰণ কৰা বুলি কোৱা হয়। গাড়ীচুৰি কাণ্ডৰ মূল অপৰাধী প্ৰতীক ভট্টাচাৰ্যৰ বিৰুদ্ধে পশ্চিমবংগতে গাড়ীচুৰি সম্পৰ্কীয় ২৫টাতকৈ অধিক গোচৰ থকা বুলি আৰক্ষীয়ে দাবী কৰিছে। ইফালে বাহনখনৰ মূল স্বত্ত্বাধিকাৰী সঞ্জীত বেজে যোৱা ৫ জুলাইতে হুগলিৰ কোনো স্থানীয় থানাত বাহনখনৰ চুৰি হোৱা সম্পৰ্কত এক গোচৰ ৰুজু কৰে।
বাহনখনৰ প্ৰকৃত স্বত্ত্বাধিকাৰীৰ সৈতে যোগাযোগৰ অন্তত মাঞ্জা আৰক্ষীয়ে জব্দ কৰা বাহনখন প্ৰকৃততে চুৰি বাহন বুলি নিশ্চিত হোৱাৰ পাছতে মাঞ্জা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯০/৪১১ ধাৰাত ২১/২০ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ধৃত গাড়ীচোৰ আলটাফ হুছেইনক গ্ৰেপ্তাৰ কৰে। কাৰ্বি আংলং তথা মাঞ্জা আৰক্ষীয়ে ইতিমধ্যে গুৱাহাটীত অভিযান চলাই কেইবাখনো গাড়ী আৰু মটৰ চাইকেল উদ্বাৰ কৰাৰ লগতে চোৰৰ এটা দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷













