বিশেষ প্ৰতিবেদন:
তামিলনাডুৰ এক অখ্যাত ব্যক্তি ডি শিবন। প্ৰায় ৩০ বছৰ ধৰি নীলগিৰি পাহাৰৰ পথেৰে প্রতিদিনে ১৫ কিলোমিটাৰ খোজকাঢ়ি বিলাই আহিছে খবৰ। হাতীৰ পৰা ভালুক- বহু বিপদৰ সন্মুখত পৰিছে কিন্তু কর্তব্যত অবিচল থাকি একেই নিয়মমাফিক খবৰ বিলাই আহিছে চাকৰি জীৱনৰ প্রতিটো দিন। অৱশেষত যেন তেওঁৰ যাত্ৰাৰ যতি পৰিল। কিয়নো অৱসৰ ল’লে পোষ্টমেন কে শিবনে।
যৌৱনত যেতিয়া চাকৰিত যোগ দিছিল তাৰ পিছৰ পৰাই বহু সময় পাৰ হৈ গৈছে। কালৰ নিয়মত দেহলৈ আহে বার্ধক্য। তথাপি পকা চুলিৰ এই ‘চিৰ যুৱক’ৰ প্রাণশক্তিত যেন গতিৰোধক লগাব পৰা নাই বয়সে। ঘন সেউজীয়াই আৱৰা অৰণ্যৰ মাজৰ পথ খোজকাঢ়ি প্রতিদিনে ৩০ কিলোমিটাৰ পাৰ কৰিছে এইগৰাকী পোষ্টমেনে। সংশ্লিষ্ট কর্তৃপক্ষৰ কোনেও ভাবি উলিয়াব নোৱাৰিব কেতিয়া তেওঁ অনুপস্থিত আছিল।
Postman D. Sivan walked 15 kms everyday through thick forests to deliver mail in inaccessible areas in Coonoor.Chased by wild elephants,bears, gaurs,crossing slippery streams&waterfalls he did his duty with utmost dedication for 30 years till he retired last week-Dinamalar,Hindu pic.twitter.com/YY1fIoB2jj
— Supriya Sahu IAS (@supriyasahuias) July 8, 2020
সম্প্রতি আইপিএছ সুপ্রিয়া চাহুই তেওঁৰ অৱসৰৰ পিছত তেওঁক লৈ এটি পোষ্ট কৰে। কেপচনত তেওঁ লিখে, “পোষ্টমেন ডি শিবনে দৈনিক ১৫ কিলোমিটাৰ খোজকাঢ়ি দুর্গম কুনুৰত চিঠি দি আহে। হাতীৰ আক্ৰমণ, ভালুকৰ বিভীষিকাৰ পৰা বাচি নিজৰা পাৰ হৈ পিছল পথেৰে ৩০ বছৰ এই কাম কৰিছে তেওঁ। বিগত সপ্তাহত তেওঁ অৱসৰ লয়।” সামাজিক মাধ্যমত তেওঁৰ সম্পর্কে পোষ্টটি ভাইৰেল হৈ যায় মুহূর্তৰ ভিতৰতে।