নিউজ ডেস্কঃ
ক’ৰোনা ভাইৰাছ আৰু লকডাউনৰ মাজতে চীনৰ ছেণ্ট্ৰেল বেংক পিপুলছ অফ চাইনাৰ (The People’s Bank of China) তৰফৰ পৰা HDFC বেংকৰ অংশীদাৰিত্ব কিনিছিল। ইয়াৰ পিছত চীনৰ সৈতে ভাৰতৰ সীমান্ত লৈ উত্তেজনাৰ পিছত মোদী চৰকাৰৰ তৰফৰ পৰা ইটোৰ পিছত সিটো বাণিজ্যিক সম্পর্ক ভংগ কৰি দিছে, বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছিল, HDFC বেংকৰ শেয়াৰ লৈ কি কৰা হব?
আনকি ইয়াকো কোৱা হৈছে যে, ইফালে চীনৰ বিৰোধিতা কৰিছে আনফালে HDFC বেংক চীনৰ হাতত তুলি দিছে ৷ ইয়াৰ পিছত বিদেশী বিনিয়োগৰ নিয়মত পৰিৱৰ্তন আনি সেইটোক আৰু কঠোৰ কৰি দিয়ে চৰকাৰে ৷
ফলস্বৰূপে চীনৰ চেন্ট্রেল বেংক পিপুলছ অফ চাইনা ভাৰতৰ বেচৰকাৰী ছেক্টৰত আটাইতকৈ ডাঙৰ হাউছিং কোম্পানি HDFCৰ পৰা নিজৰ অংশিদাৰীত্ব বিক্রি কৰি দিয়ে । এপ্রিল মাহত পিপলছ বেংক অফ চাইনা HDFC ত ১.০১ শতাংশ শেয়াৰ কিনি ৩ হাজাৰ ৩০০ কোটি টকাৰ বিনিয়োগ কৰিছিল।