নগাঁও : নগাঁও জিলাত কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা অধিক হাৰত বৃদ্ধি পোৱাত কঠোৰ হৈ পৰিছে আৰক্ষী ৷ মাস্ক পৰিধান নকৰি সামাজিক দূৰত্বক আওকাণ কৰি নগাঁৱৰ বজাৰত ভিৰ কৰা একাংশৰ প্ৰতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে নগাঁও আৰক্ষীয়ে ৷ বিগত সময়ত এই সম্পৰ্কে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছত চহৰখনৰ বিভিন্ন স্থানত নিয়ম ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে।
নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত আজি চহৰখনত নগৰ আৰক্ষীয়ে মাস্ক পৰিধান নকৰা লোকক ৫০০ টকাকৈ জৰিমনা বিহে। ইয়াৰ উপৰি চহৰখনৰ দোকানে-দোকানে অভিযান চলাই আৰক্ষীৰ দলটোৱে সামাজিক দুৰত্ব নমনা, হাত ধোৱা আৰু চেনিটাইজাৰৰ ব্যৱস্থা নৰখা প্ৰতিষ্ঠানসমূহ শীঘ্ৰে বন্ধ কৰিব বুলি ঘোষণা কৰে ৷