নিউজ ডেক্স:
এইটো এটা সুপৰিচিত ঘটনা যে মাদক দ্ৰব্যৰ অপব্যৱহাৰ বা যিকোনো ব্যক্তিৰ ছাইকোট্ৰ’পিক পদার্থৰ অপব্যৱহাৰৰ ফলত কেৱল ব্যক্তি আৰু পৰিয়ালৰ জীৱনেই নহয়, সম্প্রদায় পর্যায়তো বিৰূপ প্রভাৱ পৰাৰ সম্ভাৱনা আছে; যাক সম্ভৱত আৰু বহলাই কোৱাৰ প্ৰয়োজন নাই ৷
প্রশিক্ষণ আৰু শিক্ষাৰ মাধ্যমত সচেতনতা হ’ল ভৱিষ্যত সিদ্ধান্ত গ্রহণত দক্ষতা গ্রহণৰ বাবে যুৱ-সমাজৰ ভ্রাতৃত্ব গঠনৰ একমাত্র প্রতিদ্বন্দ্বী, কাৰণ যি এটি সুস্থ সমাজ আৰু ইয়াৰ সামগ্রিক বিকাশৰ বাবে কৰণীয় এক বিষয়।
মধ্য সংমণ্ডলৰ ডিআইজি সত্যৰাজ হাজাৰিকা, (আইপিএছ)ৰ নেতৃত্বত , অসম,কার্বি আংলং পুলিচৰ তৰফৰ পৰা এটা বিশেষ উদ্যোগত যুৱক-যুৱতীসকলক শিক্ষিত কৰাৰ বাবে, যিসকলে দুর্ঘটনাক্রমে বা বলপূৰ্বকভাবে বাধ্য হৈ কোনো নিষিদ্ধ ড্ৰাগছৰ ব্যৱহাৰত আসক্ত হৈ পৰিছে। সেই সন্দৰ্ভত অসম আৰক্ষীৰ সদৰ দপ্তৰৰ ধাৰণা অনুসৰি এটা ভিডিঅ’ ফেচবুক আৰু ইউটিউবৰ দৰে সামাজিক প্লেটফর্মত ১০ জুলাই সন্ধিয়া ৭ বজাত প্ৰকাশ পাইছে৷
ভিডিঅ’টোত ড্রাগছজাতীয় পদাৰ্থৰ অপব্যৱহাৰৰ কু-প্ৰভাৱটোৰ সংক্ষিপ্তকাৰে আভাষ দিয়া হৈছে৷ আৰু যুৱকসকলক শক্তিশালী হ’বলৈ লগতে এই নেতিবাচক দিশৰ পৰা ওলাই আহিবলৈ প্ৰয়াস কৰা হৈছে৷
ভিডিঅ’টো মীৰ হেৰাই মিউজিকেল ছ’চাইটি আৰু ৰেকেট টাইল্ড মিউজিকেল ছ’চাইইটিয়ে সহ-প্রযোজনা কৰিছে লগতে ইয়র্নস্লিংগাৰ্ছ ষ্টুডিঅ’ত দৃশ্যগ্ৰহণ কৰা হৈছে। ভিডিঅ’টোৰ মুখ্য মিডিয়া পাৰ্টনাৰৰ ভূমিকা পালন কৰি প্ৰচাৰ কৰিছে আছাম টাইমছ প’ষ্টে ৷