
ডিফু : গ্রাহকৰ সৰলতা আৰু অসাৱধানতাৰ সুযোগ লৈ একাংশ পেট্ৰ’ল পাম্পে ভেজাল তেল বিক্রী কৰাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ অহাৰ সময়তে পেট্র’ল পাম্পত তেল ভেজালকৰণৰ এক অভিযোগক কেন্দ্র কৰি কালি ডকমকাত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। প্রাপ্ত তথ্য অনুসৰি, কার্বি আংলং জিলাৰ ডকমকাত ৩৬নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিতে থকা ইণ্ডিয়ান অইলৰ পেট্ৰ’ল পাম্পত ভেজাল তেল বিক্রী কৰাৰ অভিযোগত একাংশ লোকে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
সংবাদ মাধ্যমৰ আগত ভুক্তভোগী লোকসকলে উত্থাপন কৰা অভিযোগ অনুসৰি, বিগত সময়ছোৱাত পাম্পটোৰ পৰা ক্রয় কৰি নিয়া তেল ব্যবহাৰ কৰাৰ ফলত কম সময়তে বাহনসমূহ বিকল হৈ পৰাৰ লগতে বিভিন্ন বিসংগতিয়ে দেখা দিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে। বিগত সময়ছোৱাত এনে বহু অভিযোগ উত্থাপিত হৈ অহাৰ পিছত কালি বিয়লি অকস্মাতে এলেকাটো কৃষক আৰু বাহন ব্যৱহাৰকাৰী ভুক্তভোগী লোকসকলে পেট্ৰ’ল পাম্পটোত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰে।
পেট্ৰ’ল পাম্পটোৰ কর্তৃপক্ষই ডিজেলত বোকাপানী জাতীয় সামগ্রী মিহলি কৰি ভেজালকৰণৰ জৰিয়তে গ্রাহকক প্রতাৰণা কৰি অহাৰ অভিযোগ কৰি স্থানীয় বিক্ষুব্ধ লোকসকলে কালি পেট্ৰ’ল পাম্পটোত উপস্থিত হৈ উত্তেজনাপুর্ণ পৰিবেশৰ সূচনা কৰাৰ লগতে পাম্পটোত জমা কৰি ৰখা প্রায় ডেৰ হাজাৰ লিটাৰ তেল পেলাই নষ্ট কৰে। পিছত ডকমকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। তেল ভেজালকৰণৰ জৰিয়তে সাধাৰণ গ্রাহকৰ মূৰত মাধমাৰ শোধাই অহা পেট্ৰ’ল পাম্প কর্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে ভুক্তভোগী ৰাইজে।












