
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : লকডাউনৰ মাজতো অপৰাধী চক্ৰই অতি তৎপৰতাৰে নিয়ন্ত্ৰণত ৰাখিছে তেওঁলোকৰ অপৰাধৰ সাম্ৰাজ্য ৷ শেহতীয়াকৈ কাৰ্বি আংলঙত কৰ ফাঁকিৰে অসমৰ মাজেৰে সৰবৰাহ হৈ থকা অবৈধ অৰুণাচলী সুৰাৰ এক ঘটনা পোহৰলৈ আহিছে ৷
নিতৌ ন ন কৌশলেৰে সুৰা মাফিয়াই নাগালেণ্ডলৈ সৰবৰাহ কৰে অৰুণাচলী সুৰা। আৰক্ষীৰ চকুত ধূলি দি বোকাজানৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে সৰবৰাহ কৰে অৰুণাচলী সুৰা। খটখটী আৰক্ষীৰ এক অভিযানত জব্দ কৰিবলৈ সক্ষম হয় alto গাড়ীসহ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ।
Alto গাড়ীসহ আটক বিজয় প্ৰতাপ সিং নামৰ এজন লোক আৰু আটকাধিন সিঙৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে লাহৰিজানৰ এটা গুদামৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা। আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি ছিণ্ডিকেটত জড়িত আছে গোলাঘাট জিলাৰ বৰপথাৰৰ পাৰ্থ, মেৰাপানীৰ যতীন আৰু পাপু নামৰ তিনি সুৰা মাফিয়াৰ লগতে কাৰ্বি আংলংৰ প্ৰসিদ্ধ সুৰা মাফিয়া কমলজিৎ সিং ।
বিশেষ সূত্ৰে জানিব পৰা মতে নাগালেণ্ডলৈ সুৰা সৰবৰাহ কৰিবলৈ ছিণ্ডিকেট চক্ৰই ব্যৱহাৰ কৰে scorpio, swift, innova , creta আদি ধৰণৰ বিলাসীতকৈ বিলাসী গাড়ী। শেহতীয়াকৈ জিলাখনত অপৰাধী চক্ৰৰ প্ৰতিটো অপৰাধমূলক কাৰ্যত জিলা আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে বহু কেইজন অপৰাধীক ধাৰাবাহিকভাবে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷












