![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:
কাৰবি আংলঙৰ বাবে আহিল আন এক দু:খবৰ! ক’ভিড ১৯ত আক্ৰান্তহৈ আজি গুৱাহাটী জিএএমচিএইছত শেষ নিশ্বাস ত্যাগ কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৃষি বিভাগৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক ৰামছিং হাঞ্চেই ৷
আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছতে জিলাখনত কৃষি বিভাগৰ অভিযন্তা তথা বিভাগটোৰ অতিৰিক্ত সঞ্চালক ৰামছিং হাঞ্চে কৰ’নাত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছিল ৷
উল্লেখযোগ্যযে, যোৱা কিছুদিন ধৰি জ্বৰ, চৰ্দি, কাঁহ এচিডিটি আদিত আক্ৰান্ত হৈ থকা কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাই আছিল ৷
ইয়াৰ মাজতে যোৱা ৪ জুলাইত বিষয়াগৰাকী গুৰুতৰ বাবে অসুস্থ হৈ পৰে ৷ ৫ জুলাইত বিষয়া গৰাকীৰ স্বাৱ টেষ্টৰ ৰিজাল্ট পজিটিভ আহে ৷ বিষয়া গৰাকীৰ স্বাস্থ্যৰ অৱস্থা অনুকুল নোহোৱাত হাঞ্চেক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ বিষয়া গৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা পিছত শ্বাস – প্ৰশ্বাসত ভুগি আজি পুৱা ১০ বজাত কৰুণ মৃত্যুক আকোঁৱালি লয় ৷
আনহাতে আজি পুৱাৰ ভাগত প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ ১৬ বছৰৰ অনুৰ্ধৰ ৫ জনকৈ শিশু আৰু এজন ৫৬ বছৰীয়া লোকো ক’ৰোনাত আক্ৰান্ত হোৱাৰ বাতৰি আহিছে ৷ মুঠতে কাৰবি আংলং জিলাখন ক’ৰোনাৰ গণ সংক্ৰমনৰ হটবেডলৈ পৰ্যবসিত হব ধৰিছে৷













