
ডিফু : কাৰ্বি আংলং জিলাত অব্যাহত আছে কৰ’নাৰ সংহাৰীৰূপ ৷ বিগত সময়ছোৱাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য আৰু পৰিষদৰ সদস্য কৰ’নাত আক্ৰান্ত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ থকাৰ সময়তে আজি পুণৰ পাহাৰীয়া জিলাখনত চিআৰপিএফ জোৱানকে ধৰি কেইবাজনো লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি খটখটী চিআৰপিএফ গ্ৰুপ কেন্দ্ৰৰ বাচি আহমেদ (৩৯) জোৱানজনৰ দেহৰ ক’ভিড-১৯ৰ অৱস্থিতি নিশ্চিত কৰা হৈছে ৷ জোৱানজনৰ বিহাৰ ভ্ৰমণৰ তথ্য আছে ৷ কৰ’নাত আক্ৰান্ত হোৱা আন এগৰাকী চিআৰপি এফ জোৱান হৈছে শিলনীৰ চিআৰপিএফ শিৱিৰৰ জোৱান আৰ গংগাধৰম (২৮) ৷ এই জোৱানজনৰো অন্ধ্ৰ প্ৰদেশ ভ্ৰমণৰ ইতিহাস আছে ৷ শিৱিৰটোৰ আনগৰাকী আক্ৰান্ত জোৱানৰ নাম হৈছে প্ৰবীন কুৰ্মী (৩৫) ৷ প্ৰবীণ কুৰ্মী অলপতে গোলাঘাটৰ ঘৰলৈ গৈছিল৷ অলপতে কৰ’নাত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ থকা কৃষিবিভাগৰ অতিৰিক্ত সঞ্চালক ৰামছিং হাঞ্চেৰ গাড়ী চালক গোপাল ছেত্ৰী (৪৯)ৰ দেহতো ক’ভিড-১৯ৰ উপস্থিতি নিশ্চিত কৰা হৈছে ৷ কোনো ভ্ৰমণ বৃত্তান্ত নথকা গোপাল ছেত্ৰী গণ সংক্ৰমণৰ চিকাৰ হোৱাৰ আশংকা কৰা হৈছে ৷

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কোনো নিৰ্বাচিত সদস্য আজি কৰ’নাত আক্ৰান্ত নোহোৱাৰ বাতৰি পোৱা গৈছে ৷ বোকাজানৰ বিধায়ক ডা: নোমল ম’মিন আৰু তেওঁৰ পত্নী কৰ’না নেগেটিভ বুলি বিধায়কগৰাকীয়ে সামাজিক মাধ্যমযোগে জানিবলৈ দিছে ৷ ইফালে পৰিষদৰ কেইবাগৰাকী সদস্য কৰ’নাত আক্ৰান্ত হোৱাৰ পিছত অধিক গণ সংক্ৰমণৰ আশংকাত যোৱা ৬ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰিষদৰ সচিবালয় বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ কৰ’নাত আক্ৰান্ত হোৱা জনপ্ৰতিনিধিসকলৰ আৱাস আৰু কাৰ্যালয় ইতিমধ্যে ছীল কৰি দিছে প্ৰশাসনে ৷ আনহাতে, গুৱাহাটীত শেহতীয়াকৈ ব্যাপক গণসংক্ৰমণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ পৰা আহি জিলাখনত প্ৰৱেশ কৰা লোকসকল সাত দিনৰ বাবে হোম কোৱাৰেণ্টাই থাকিব লাগিব বুলি নিৰ্দেশ প্ৰদান কৰিছে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত দায়িত্ব লোৱা জয়ধ্বজ সিনহাই ৷
যোৱা শুকুৰবাৰেই কাৰ্বি আংলং জিলা উপায়ুক্তৰ দায়িত্ব গ্ৰহণ কৰা জয়ধ্বজ সিনহাই নিজেও হোম কোৱাৰেণ্টাইনত আছে ৷ আনহাতে পশ্চিম কাৰ্বি আংলং জিলাৰ বিস্তৃৰ্ণ এলেকাত লকডাউন ঘোষণা কৰিছে ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত ইছফাকুৰ ৰহমানে আজি সন্ধিয়া সাত বজাৰ পৰা ১৫ জুলাই পৰ্যন্ত হামৰেণ, বৈঠালাংচ’ আৰু ডংকামোকাম পৌৰ সভাৰ এলেকাৰ লগতে খেৰণি আৰক্ষী থানা এলেকাত লকডাউন ঘোষণা কৰিছে ৷












