ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক’ৰোনাক্ৰান্ত সকলৰ সংস্পৰ্শলৈ অহা লোকক কোৱাৰেণ্টাইন আৰু স্বাৱ টেষ্টৰ আহ্বান :

ভয়ঙ্কৰ গণ সংক্ৰমনৰ দিশে অগ্ৰসৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সদ্যহতে ক'ৰোনাত আক্ৰান্ত ব্যক্তিসকলৰ সংস্পৰ্শলৈ অহা আমোলা, বিষয়া, কৰ্মীসকলক স্বয়ং কোৱাৰেণ্টাইন হোৱাৰ লগতে স্বাৱ টেষ্ট কৰাৰ আহ্বান জনাইছে কাৰ্বি আংলং জিলা প্ৰশাসনে

News Desk by News Desk
July 7, 2020
Reading Time: 1 min read
A A
0

logo new 2 2 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

ষ্টাফ ৰিপৰ্টাৰ,ডিফু :

ভয়ঙ্কৰ গণ সংক্ৰমনৰ দিশে অগ্ৰসৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সদ্যহতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক’ৰোনাত আক্ৰান্ত ব্যক্তিসকলৰ সংস্পৰ্শলৈ অহা আমোলা, বিষয়া, কৰ্মীসকলক স্বয়ং কোৱাৰেণ্টাইন হোৱাৰ লগতে স্বাৱ টেষ্ট কৰাৰ আহ্বান জনাইছে কাৰ্বি আংলং জিলা প্ৰশাসনে ৷

উল্লেখ যোগ্য যে, এটা সময়ত ক’ৰোনামুক্ত বুলি খিয়াতি লাভ কৰা পাহাৰীয়া জিলা কাৰ্বি আংলঙ এতিয়া ক’ৰোনাৰ ভয়ংকৰ গণ সংক্ৰমনৰ দিশে অগ্ৰসৰ হোৱাত ৰাইজৰ মাজত চৰম আতংকই বিৰাজ কৰিছে ৷ বহিঃৰাজ্যত থকা জিলাখনৰ শ্ৰমিকসকল ক্ৰমান্বয়ে জিলাখনলৈ অহাত তেওঁলোকক প্ৰশাসনে সংশ্লিষ্ট কোৱাৰেণ্টাইন চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰাৰ পিছত তেওঁলোকৰ মাজৰ পৰা একাংশৰ ক’ভিড পজিটিভ হোৱাত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড হাস্পাতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ৷ সিমানলৈকে ঠিকেই আছিল ৷ কিন্তু যোৱা কেইদিন ধৰি কোনো ভ্ৰমণ বৃত্তান্ত নথকা কেইজন মান ব্যক্তিৰ স্বাৱ টেষ্ট কৰোঁতে ৰিজাল্ট পজিটিভ অহাত জিলাখনৰ ৰাইজৰ মাজত অনাকাংখিত আতংকৰ সৃষ্টি হৈছে ৷

বিশেষকৈ চলিত সপ্তাহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিকিৎসা বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ লগতে পৰিষদৰ কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক ৰামছিং হাঞ্চেৰ দেহতো ক’ভিড পজিটিভ ওলোৱাত জিলাখনৰ ক’ৰোনাৰ গণ সংক্ৰমনৰ উকমুকণি দিয়ে ৷

ইয়াৰ পিছতে আৰম্ভ হয় ইএম খনছিং ৰংপি আৰু কৃষি বিভাগৰ শীৰ্ষ বিষয়া ৰামছিং হাঞ্চেৰ সংস্পৰ্শলৈ অহা লোক সকলৰ স্বাৱ টেষ্টৰ প্ৰক্ৰিয়া ইতিমধ্যে জিলা প্ৰশাসনে আৰম্ভ কৰিছে ৷ আনহাতে ইএম খনছিং ৰংপিৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা পৰিষদৰ বিষয়া কৰ্মী সকলকো কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে ইএম গৰাকীৰ পিছতে ৬ জুলাই নিশাৰ ভাগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত হাহাকাৰ সৃষ্টি কৰি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পত্নী কাছে টেৰণপীৰ লগতে পুত্ৰ চেংকান ৰংহাঙৰ আৰু পৰিষদখনৰ অতি ব্যস্ত ইএম অমৰছিং তিচ’, ৰূপছিং টেৰণ আৰু এমএচি ৰামছিং তিমুঙৰ স্বাভ টেষ্টৰ ফলাফল পজিটিভ আহে ৷ এই পজিটিভ ফলাফলৰ পিছত জিলাখনে গণ সংক্ৰমনৰ এক জলন্ত সাক্ষ্য বহন কৰিছে ৷

আনহাতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত প্ৰায় ৩০০ বিষয়া-আমোলাৰ লগতে কৃষি বিভাগৰ কাৰ্যালয়ৰ বহু বিষয়া কৰ্মচাৰী ক’ৰোনাক্ৰান্তসকলৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষ ভাবে সংস্পৰ্ষলৈ আহি তেওঁলোকেও যে আনলৈ ক’ৰোনা বিয়পাব সেয়া নিশ্চিত হৈ পৰিছে ৷ ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰে আনলক ১ ঘোষণা কৰাৰ পিছত জিলাখনৰ ব্যস্ততম সদৰ চহৰ ডিফুত ৰাইজৰ মাজত কোনো ধৰণৰ সামাজিক দূৰত্ব ৰক্ষা নকৰা, এশ শতাংশ মাস্ক নিপিন্ধাকে আৰম্ভ কৰি ক’ৰোনাৰ বাবে থকা সতৰ্কতামূলক গাইডলাইনসমূহ ব্যাপক হাৰত উলংঘন কৰা পৰিলক্ষিত হৈছে ৷ জিলা প্ৰশাসনে ইতিমধ্যে ক’ৰোণাক্ৰান্তসকলৰ সংস্পৰ্শলৈ অহা পৰিষদৰ আমোলা, বিষয়া কৰ্মীসকলক স্বেচ্ছাই কঠোৰ কোৱাৰেণ্টাইনত থকাৰ লগতে আৰু স্বাৱ টেষ্ট কৰাৰ বাবে আহ্বান জনাইছে বুলি জানিব পৰা গৈছে ৷ এনে কৰিব নোৱাৰিলে ডিফুৰ লগতে সমগ্ৰ পাহাৰীয়া জিলাখনেই ক’ৰো’নাৰ হটবেডলৈ পৰিণত হোৱাটো নিশ্চিত৷

ইপিনে ৰাইজৰ মাজত সময় থাকোতে প্ৰয়োজনীয় সজাগতা সৃষ্টি নহ’লে ক’ৰোনাৰ সহজেই চিকাৰ হ’ব পাৰে বুলি সচেতন মহলে উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷

Tags: Featured
Share19Tweet3Send

Related Posts

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx