ডিফু : আজি ডিফুৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সুবাস ৰয়ৰ দেহাৱসান ঘটে ৷ প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফু চহৰৰ বক্ষস্থলীত বেকাৰী ব্যৱসায়েৰে প্ৰতিষ্ঠিত হোৱা ব্যৱসায়ী “ৰয় বেকাৰী”ৰ স্বত্তাধিকাৰী সুবাস ৰয় আজি পুৱা ১০ বাজি ১২ মিনিটত ডিফু শীতলাবাৰীত থকা নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত সুবাস ৰয় বিগত ৪ বছৰ ধৰি কৰ্কটৰোগ, হৃদ, মধুমেহ আৰু বৃক্ক ৰোগৰ দৰে জটিল ৰোগত ভুগি আছিল ৷ জীৱিত কালত সুবাস ৰয়ক পৰিয়ালৰ লোকে বেংগলুৰু, গুৱাহাটী আৰু ডিফুত চিকিৎসা কৰাইছিল যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ব্যৱসায়ীজনে ৷
১৯৫৩ চনৰ ২৮ নৱেম্বৰত জন্ম গ্ৰহণ কৰা সুবাস ৰয় ২০২০ চনৰ জুলাই মাহৰ ৬ তাৰিখে প্ৰায় ৬৭ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে ৷ জীৱিত কালত সুবাস ৰয় শীতলাবাৰী মন্দিৰৰ লগত ওতঃপ্ৰোত ভাবে জড়িত থকাৰ লগতে নানা সামাজিক কামতো জৰিত আছিল বুলি জানিব পৰা গৈছে ৷ প্ৰয়াত ব্যৱসায়ী সুবাস ৰয়ৰ সন্মানাৰ্থে গ্ৰেটাৰ ডিফু বজাৰ কমিটিয়ে আজি বিয়লি ২ বজাৰ পৰা দিনটোৰ বাবে ডিফু বজাৰ বন্ধ ঘোষণা কৰিছে বুলি বজাৰ কমিটিৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ প্ৰয়াত ৰয়ে ইহ সংসাৰত পত্নীৰ লগত এজন পুত্ৰ আৰু এজনী কন্যা সন্তান এৰি যোৱাৰ লগতে ৩ জন ভাতৃ আৰু ৫জনী ভগ্নীক এৰি থৈ গৈছে৷












