
ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফু:
কাৰবি আংলঙত ক’ৰোনাৰ গণ সংক্ৰমণৰ আগজাননী নেকি ? কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি ক’ৰোনাত আক্ৰান্ত ৷ কভিড–১৯ পজিটিভ পোৱাৰ পিছত তেওঁক ডিফু মেডিকেল কলেজৰ কভিড–১৯ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

পাহাৰৰ প্ৰথম গৰাকী জনপ্ৰতিনিধি ক’ৰোনা আক্ৰান্ত হোৱাৰ লগে লগে তেওঁৰ সংস্পৰ্শলৈ অহা সকলৰ মাজত একপ্ৰকাৰ হাহাঁকাৰ লাগিছে ৷ অলপতে ইএম গৰাকী বকলীয়াঘাটৰ ক’ভিড 19 ৰ এত অন্তেষ্টিক্ৰিয়াত উপস্থিত আছিল ৷ কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা ইএম গৰাকীৰ দেহত ক’ৰোনাৰ অৱস্থিয়ে কাৰবি আংলঙত ক’ৰোনাৰ গণসংক্ৰমণৰ ভয়াবহ আগজাননী নেকি বুলি ৰাইজৰ মনত প্ৰশ্ন উদয় হৈছে ৷













