ASSAM TIMES POST
ডিফু : অসমৰ যিকোনো ভূমিত বিনাচৰ্তে আৰু অনুজ্ঞা পত্ৰ অবিহনে উদ্যোগ স্থাপনৰ প্ৰস্তাৱত ৰাজ্য চৰকাৰৰ অনুমোদন জনোৱাক কাৰ্যৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কোনো অনুমতি অবিহনে উদ্যোগ স্থাপনৰ অজুহাতত অসমৰ কৃষিভূমি কাঢ়ি লোৱা আৰু খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা কৰাৰ বাবে বিজেপি শাসিত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাই সিদ্ধান্ত লোৱাৰ কথা ৰাজহুৱা হোৱাৰ পিছতে ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমৰ জাতীয় দল-সংগঠন।

মন্ত্ৰীসভাই যি আইন প্ৰণয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি বোকাজান মহকুমাৰ অন্তৰ্গত বোকাজান আঞ্চলিক ছাত্ৰ সন্থা আৰু সৰিয়হজান আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। দুয়োখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিজেপি চৰকাৰ হায়-হায়, খিলঞ্জীয়াৰ ভূমি অধিকাৰ খৰ্ব কৰা এই আইন মানি লোৱা নহ’ব, এই আইন শীঘ্ৰেই বাতিল কৰক আদি শ্ল’গানেৰে বোকাজানৰ পৰিবেশ উত্তাল কৰি তোলে।

অসম চৰকাৰে এই অসম তথা খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত অতি শীঘ্ৰেই বাতিল নকৰিলে আগন্তুক দিনত ইয়াতকৈ ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দুয়োখন আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই ৰাজ্য চৰকাৰক হুংকাৰ প্ৰদান কৰে। ইয়াৰোপৰি বকলীয়াঘাটতো তদ্ৰুপ বিৰোধিতা কৰি প্ৰস্তাবৰ প্ৰতিলিপি দাহ কৰে আছুৰ সদস্য সকলে ৷













