ASSAM TIMES POST
ডিফু : যিসময়ত মহমাৰী ক’ৰোণাৰ বাবে জনজীৱন স্তব্ধ হৈ সৰ্বসাধাৰণ গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে সেই সময়তেই একাংশ সুবিধাবাদী চতুৰ ব্যৱসায়ীয়ে অবৈধ ব্যৱসায়েৰে অধিক মুনাফা লাভৰ বাট মুকলি কৰি লৈছে বিভিন্ন উপায়েৰে৷ কালি নিশা বোকাজানৰ বালিপথাৰত এখন নৈশ বাছ একাংশ ৰাইজৰ জৰিয়তে আৰক্ষীৰ জালত পৰাৰ পাছতেই পোহৰলৈ আহিছে অসমত বাৰ্মিজ সামগ্ৰীৰ ৰমৰমীয়া অবৈধ ব্যৱসায়ৰ তথ্য ৷
ঘটনাৰ বিৱৰণী মতে অসম নগালেণ্ডৰ আন্তৰাজ্যিক সীমান্ত সম্প্ৰতি বন্ধ থকাৰ মাজতে নগালেণ্ডৰ ডিমাপুৰৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এ.এছ.০১জি.চি.৪৪৯৯ নম্বৰৰ দ্বীপ নামৰ এখন নৈশবাছ যাত্ৰীবিহীনভাৱে আহি থকাত একাংশ সচেতন লোকে সন্দেহ কৰি বাছখন বালিপথাৰত আৱদ্ধ কৰি বোকাজান আৰক্ষীক অৱগত কৰে ৷ বোকাজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাছখন তালচী চলাওতে প্ৰত্যক্ষ কৰে যে বাছখনত তিনিজন চালক কৰ্মচাৰীৰ বাদে নাছিল এজনো যাত্ৰী ৷ বাছখনৰ ওপৰত ট্ৰিপালেৰে বান্ধি থোৱা আৰু সংলগ্ন ডিকিত আছিল বস্তা আৰু কাৰ্টুনভৰ্তি বাৰ্মিজ সামগ্ৰী ৷ পাছত আৰক্ষীয়ে বাছখন থানালৈ আনি প্ৰাথমিক পৰীক্ষা কৰোতে সেই কাৰ্টুন আৰু বস্তাসমূহত বাৰ্মাত প্ৰস্তুত কৰা পোছাক, প্ৰসাধন সামগ্ৰী আদি থকাৰ কথা পোহৰলৈ আহে ৷
ইপিনে, সাম্প্ৰতিক সময়ত আন্তৰাজ্যিক পৰিৱহনৰ ক্ষেত্ৰত থকা বাধ্যবাধকতাৰ মাজত বাছখনৰ চালক কৰ্মচাৰীয়ে পৰিৱহনৰ কোনো চৰকাৰী নিৰ্দেশনা পত্ৰ দেখুৱাব নোৱাৰাৰ পাছতো কি দৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ এনেদৰে বিদেশী সামগ্ৰী কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সি তাৎপৰ্যৰ বিষয় ৷ আনহাতে, বাছখনৰ চালক কৰ্মচাৰীয়ে জনোৱা মতে কুৰিয়াৰ চাৰ্ভিছৰ জৰিয়তে এই সামগ্ৰীসমূহ ডিমাপুৰৰ পৰা যোৰহাটলৈ নি থকা হৈছিল যদিও তেওঁলোকৰ হাতত নাছিল শুল্ক বিভাগৰ কোনো নথি পত্ৰ ৷
উল্লেখযোগ্য যে, নগালেণ্ডৰ ডিমাপুৰত বাৰ্মিজ সামগ্ৰীৰ এখন বৃহৎ বজাৰ আছে যাৰ জৰিয়তে অসমৰ বিভিন্ন স্থানলৈ এই সামগ্ৰীসমূহ যোগান ধৰা হয় বিভিন্ন মাধ্যমৰে ৷ উক্ত নৈশবাছখনত থকা সামগ্ৰীখিনিৰ মূল্য প্ৰায় ত্ৰিশ লক্ষাধিক বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে ৷













