ASSAM TIMES POST
ডিফু : কাৰ্বি আংলং জিলাৰ বোকাজানৰ ফুলবাৰীস্থিত 39নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা Weight Bridgeত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি NL 01N 1323 নম্বৰৰ ট্ৰাকখন ৰখাই থোৱা ট্ৰাকখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ মাজত কাজিয়া সংঘটিত হয়। ঘটনা অনুযায়ী সোমবাৰে নিশা ট্ৰাকখনৰ ড্ৰাইভাৰ কৃষ্ণ চৌহান চেত্ৰী, হেণ্ডিমেন মেঘৰাজ চেত্ৰী আৰু অমল চেত্ৰী নামৰ স্থানীয় তিনিজন লোকে সুৰাপান কৰি আছিল।
তাৰ পিছতে অমল চেত্ৰীয়ে ঘটনা স্থলীৰপৰা ঘৰলৈ গুচি আহে ইয়াৰে সুযোগ বুজি হেণ্ডিমেন মেঘৰাজে চেত্ৰীয়ে মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ট্ৰাক চালকসকলে।
ইতিমধ্যে, বোকাজান আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাৰ সন্দৰ্ভত হেণ্ডিমেন মেঘৰাজ আটক কৰিছে বোকাজান আৰক্ষীয়ে।
উল্লেখযোগ্য যে, ড্ৰাইভাৰ কৃষ্ণ চৌহান চেত্ৰীৰ ঘৰ গোলাঘাট জিলাৰ বৰপথাৰৰ হাতীঘুলি গাঁৱত। অন্যহাতে, হত্যাকাৰী মেঘৰাজ চেত্ৰীয়ে ঘৰ নাগালেণ্ডৰ ডিমাপুৰত বুলি জানিব পৰা গৈছে। ইতিমধ্যে, কৃষ্ণ চৌহান চেত্ৰী ঘৰৰ পৰিয়ালৰলোকে বোকাজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।













