ASSAM TIMES POST
নিউজ ডেক্স:
ভাৰতত প্ৰস্তুত হ’ল–প্ৰথম COVID-19 COVAXIN ভেকচিন।সফলভাৱে ক’ৰোণা ভেকচিন প্ৰস্তুত কৰিছে ভাৰতৰ কোম্পানী ভাৰত বায়’টেকে।ভাৰতৰ প্ৰথম COVID-19 ভেকচিন COVAXIN–এ এইবাৰ পালে ফেজ ১ আৰু ২ লেভেলৰ হিউমেন ট্ৰায়েলৰ অনুমতি পত্ৰ। এই অনুমতি পত্ৰ দিছে The Drug Controller General of India – CDSCO আৰু কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ে।
জুলাই মাহৰ পৰা এই ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে। এইটো তৈয়াৰ কৰা হৈছে, ICMR আৰু National Institute of Virology ৰ যৌখ উদ্যোগত। এই ভেকচিন প্ৰস্তুত কৰা ভাৰত বায়’টেকৰ চেয়াৰমেন তথা মেনেজিং ডিৰেক্টৰ কৃষ্ণা এলাই -এই কথা জনায়।এইটো প্ৰথম ভাৰতত প্ৰস্তুত কৰা ভেকচিন।