ASSAM TIMES POST
ডিফু : ভাৰতীয় জনতা পাৰ্টীৰ ‘জন সম্পৰ্ক’ অভিযানৰ অংশ স্বৰূপে তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ হৰেণছিং বে’ই আজি ৮৭নং বৰহমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাঙলু, কঠিয়াতলী আৰু কন্দলী গাওঁ পঞ্চায়ত এলেকা ভ্ৰমণ কৰে ৷


ভ্ৰমণকালত সাংসদগৰাকীয়ে উল্লেখিত পঞ্চায়ত এলেকাৰ ৰাইজৰ মাজত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দেশৰ উন্নয়ণমূলক কাম-কাজ আৰু ৰূপায়িত হোৱা আঁচনিৰ সম্বলিত বাৰ্তা-পত্ৰ বিতৰণ কৰে ৷













