ASSAM TIMES POST
বিশেষ প্ৰতিবেদন, ছাইদুল ইছলাম:
ডিফু:অতিমাৰী কৰোনা ভাইৰাছৰ বাবে যোৱা ৪ মাহ ধৰি দেশজুৰি বলৱৎ হৈ থকা লকডাউনৰ মাজতে ভিন্ন মুখী চিন্তাৰে নৱ প্ৰজন্মৰ বাবেও তথা কৰ্মবিমুখ ৰাইজৰ বাবে আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বিতাৰ আদৰ্শ হৈ পৰিল কাৰ্বি আংলঙ ডিফুৰ উদ্যমী ব্যক্তি খৰছিং টেৰাঙ ৷ হয় খৰছিং টেৰাঙৰ প্ৰচেষ্টা এতিয়া ছোচিয়েল মেডিয়াৰ পৰা আৰম্ভ কৰি সকলোতে চৰ্চাৰ বিষয় হৈ পৰিছে ৷ ডিফু চহৰৰ পৰা প্ৰায় ৫ মাইল দূৰত্বৰ পাহাৰৰ এক দূৰ্গম এলেকাৰ মৌখুটি ইংহি গাঁৱৰ নিজা প্ৰায় ৬৮৩ বিঘা ভূমি খণ্ডত ৰবৰ বাগান, মীন পালনৰ বাবে ১৩ খনকৈ পুখুৰী, গোমধানৰ খেতি আৰু শেহতীয়াকৈ লকডাউনৰ মাজতে হাঁহ পালনৰ দৰে এক বৃহৎ আঁচনি লৈছে খৰছিং টেৰাঙে ৷
ডিফুৰ পাঁচ মাইলৰ পৰা আলোচনা পন্থী ইউপিডিএছ আৰু কেপিএলটি এলটিৰ ডেজিগনেটেড শিৱিৰৰ কাষেদি যোৱা পথেৰে মৌখুটি এলেকাত প্ৰৱেশ কৰি কৰদৈসিৰীয়া পাহাৰৰ ঢাপ আৰু নামনিত এই বৃহৎ স্বাৱলম্বন আঁচনি গ্ৰহণ কৰিছে লোকজনে ৷ চৌদিশে সেউজীয়া পাহাৰৰ নান্দনিক আৰু নৈসৰ্গিক পৰিবেশৰ মাজতে স্বপৰিয়ালে ভিন্নমুখী চিন্তাৰে নৱপ্ৰজন্মৰ সহায়ক হোৱাকৈ কেতবোৰ কাৰ্য ৰূপায়ণ কৰিছে সমাজ সেৱক খৰছিং টেৰাঙে ৷
লকডাউনৰ সময়ত বহিঃৰাজ্যত কাৰ্বি আংলঙৰ শ্ৰমিকসকল আৱদ্ধ হৈ পৰাৰ পিছত তেওঁলোকৰ দূৰ্দশা দেখি তেওঁৰ হৃদয় বিষাদময় হৈ পৰে ৷ মাটিকালিৰ দিশত সৰ্ববৃহৎ পাহাৰীয়া জিলাখনত নিবণুৱা বা কৰ্মবিমুখসকলে ইয়াৰ মাটিৰ সদব্যৱহাৰ কৰিলে হয়তো সকলোৱে বহিঃৰাজ্যলৈ যাব নালাগে বুলি চিন্তা কৰে খৰছিঙে ৷ কেনেদৰে আত্মনিৰ্ভৰশীল হ’ব পাৰে বুলি ভাবি থাকোতেই খৰছিঙ টেৰাঙৰ হৃদয়ত এক শুভ চিন্তাই খুন্দা মাৰে ৷ কাৰ্বি জাতি ৰংকেৰকে আদি কৰি বিভিন্ন পূজা-পাতলত বিশ্বাসী ৷ পূজা-পাতলত হাঁহ-কুকুৰা লগাটো বাধ্যতামূলক ৷ লগতে জিলাখনত হাঁহ- কুকুৰাৰ চাহিদা অনুপাতে মূল্য আকাশলংঘী ৷
সেয়ে তেওঁ লকডাউনৰ মাজতে হাঁহ পোহাৰ চিন্তা কৰি এজনী হাঁহ ক্ৰয় কৰি আনে ৷ সেয়ে তেওঁৰ পাতনি ৷ ক্ৰমান্বয়ে এজনীৰ পৰা দুজনী তাৰ পিছত দহজনীকৈ হাঁহ সংগ্ৰহ কৰি আনি ৰাখে ৷ পুখুৰী আৰু উপযুক্ত পৰিবেশত হাঁহ পালন এক লাভজনক ব্যৱসায় হ’ব বুলি খৰছিঙ টেৰাঙৰ পত্নী আৰু ভাই-ককাই আৰু আত্মীয়সকলেও তেওঁক সহায় কৰাত সন্মতি দিলে ৷ পৰিয়ালৰ লোকৰ পৰা উৎসাহ পাই খৰছিঙে হাঁহ পালনত অধিক মনোনিৱেশ কৰিলে ফলত তিনিমাহ জোৰা লকডাউনত খৰছিঙৰ পামত বৰ্তমান মুঠ ৩৮০০ হাঁহ গোট খাইছে ৷
কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা লোকে খৰছিঙৰ পামৰ পৰা হাঁহ পোৱালী ক্ৰয় কৰি নিছে ৷ গ্ৰাহকৰ চাহিদাক জোৰা মাৰিবলৈ খৰছিঙৰ লগতে পৰিয়ালৰ লোকে দিনে-নিশাই অক্লান্তভাৱে কাম কৰি গৈছে ৷ ইয়াৰোপৰি খৰছিঙে পাহাৰৰ এঢলীয়া মাটিত ৰবৰৰ বাগান, গোমধান, নানাধৰণৰ পাচলি ৰুই আত্ম-নিৰ্ভৰশীলতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ লগতে ১৩ খনকৈ পুখুৰীত মৎস্য পালন কৰিও স্বাৱলম্বনৰ আন এক পৰিচয় দাঙি ধৰিছে ৷ কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে’ৰ লগতে পৰিষদৰ কাৰ্যবাহী সদস্যৰ নেতৃত্বক ভূয়সী প্ৰদান কৰে যদিও পৰিষদ বা চৰকাৰৰ পৰা উক্ত আঁচনিৰ বাবে কোনো সহায় লোৱা নাই বুলি কয় ৷
আনহাতে চৰকাৰ বা পৰিষদৰ পৰা সহায় বিচাৰিলে তেওঁ নিশ্চয় সেই সহায় লাভ কৰিব যদিও তেওঁ স্বয়ং কাৰো সহায় নোলোৱাকৈ নৱ প্ৰজন্ম আৰু কৰ্মবিমুখ সকলে জীৱন্ত আদৰ্শৰে আকৰ্ষিত কৰাই তেওঁৰ প্ৰধান উদ্দেশ্য বুলি মন্তব্য কৰে ৷ নৱ প্ৰজন্মই তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জিলাখনৰ অনান্য উৰ্বৰা ভূমিত এনেধৰণৰ সুদূৰ প্ৰসাৰী স্বাৱলম্বন কাৰ্যসূচী গ্ৰহণ কৰিলে পাহাৰীয়া জিলাখনৰ দীৰ্ঘদিনীয়া দাবী স্বৰাজ্য ‘হেমপ্ৰেক কাংথিম’ৰ সপোন শীঘ্ৰে সফল হ’ব বুলি ভবাৰ থল আছে ৷ ইয়াৰোপৰি খৰছিং টেৰাঙৰ পামত বৈজ্ঞানিক পদ্ধতিৰে হাঁহ পালন কৰিলে কাৰবি আংলঙৰ লগতে অসমৰ বিঙিন্ন অঞ্চলৰো হাঁহৰ ব্যৱসায় ভিত্তিক চাহিদা পূৰণ কৰিব পাৰিব বুলি সচেতন মহলত চৰ্চা হৈছে৷













