ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সন্তান জ্বৰত ভুগিছে নেকি? ক’ৰোনা পৰিস্থিতিত কি কৰিব

ASSAM TIMES POST by ASSAM TIMES POST
June 26, 2020
Reading Time: 1 min read
A A
0
সন্তান জ্বৰত ভুগিছে নেকি? ক’ৰোনা পৰিস্থিতিত কি কৰিব

0 1 e1574345654996 6 1 2 2 14 9 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

নিউজ ডেস্ক:

ক’ৰোনাৰ প্ৰকোপত জ্বৰ হ’লেই আতঙ্কত ভুগিছে সৰুৰ পৰা ডাঙৰ সকলোৱেই। আনহাতে, প্রকৃতিৰ স্বাভাৱিক নিয়মতেই বর্ষাকাল আহিছে। যেতিয়াই তেতিয়া বৰষুণ, কেতিয়াবা আকৌ তীব্ৰ গৰম। এই সময়ত শিশুসকলৰ জ্বৰৰ সম্ভাৱনা অতি বাঢ়ি যায়।

আৰু জ্বৰ হ’লেই কোভিড-১৯ৰ ভয় আহিয়ে যায়। কিন্তু চিকিৎসকসকলৰ মতে, কেৱল ক’ৰোনাৰ কাৰণেই যে জ্বৰ হয় সেয়া নহয়, ঘূৰি আহিছে ডেঙ্গি জ্বৰো। ইয়াৰ উপৰি সাধাৰণ ভাইৰেল জ্বৰতো আছেই। সেয়ে জ্বৰ হ’লেই কোভিড-১৯ অনুমান কৰাৰ কোনো কাৰণ নাই, বৰং উপসর্গৰ দিশে নজৰ দিয়া প্ৰয়োজন।জ্বৰ কোনো অসুখ নহয় জ্বৰ কিন্তু আকৌ কোনো ৰোগ নহয় ৰোগৰ উপসর্গ মাত্র।

বীজাণুৰ সংক্রমণ বা অন্যান্য কাৰণত আমাৰ ৰোগ প্রতিৰোধ ব্যৱস্থাই শৰীৰৰ তাপমাত্রা বঢ়াই দি ভাইৰাছক শৰীৰৰ পৰা বাহিৰ কৰি দিয়াৰ চেষ্টা কৰে, সেয়ে জ্বৰ হয়। শিশুৰোগ বিশেষজ্ঞৰ মতে, বেছিভাগ জ্বৰৰ নেপথ্যতেই শ্বাসনলী, ডিঙি, পেটসহ কোনো নহয় কোনো সংক্রমণ আছে। কোভিড-১৯ ভাইৰাছৰ উপৰি এই সময়টোত বৰষুণ আৰু তাপমাত্রাৰ পৰিবর্তনৰ কাৰণে ডেঙ্গি, মেলেৰিয়াসহ অন্যান্য বীজাণুসমূহৰ সংক্রমণতো জ্বৰ হ’ব পাৰে।

images78 1 e1593133922488 | ASSAM TIMES POSTmain qimg e4d6e671a6d00db8b7276c702393803b | ASSAM TIMES POST

বেছিভাগ ক্ষেত্ৰতে শিশুৰ জ্বৰ ভাইৰেল জ্বৰ। বতাহবাহিত এই অসুখ হাঁচি-কাহৰ মাধ্যমেৰে দ্রুতভাৱে বিয়পি পৰে। আনকি কথা কোৱাৰ সময়তো এই বাজাণুবোৰ বতাহত মিলি ৰোগ বিয়পাব পাৰে। সেয়ে শিশুসকলক মাস্ক পিন্ধাই ৰখা আৰু ভিৰৰ পৰা আঁতৰাই ৰখাৰ উপৰি ‘হেণ্ড হাইজিন’ মানি চলাৰ অভ্যাসো গঢ়ি তুলিব লাগে।
জ্বৰ হ’লেই এণ্টিবায়’টিক নিদিব

শিশুৰ জ্বৰ হ’লে ভয় খাই বহু অভিভাৱকে শিশুক হুৰমুৰাই এণ্টিবায়টিক খুউওৱাৰ চেষ্টা কৰে। বহুতে আৰৌ জ্বৰ হ’লেই কোভিড-১৯ৰ ভয়ত আতঙ্কিত হৈ হস্পিটেলত ভর্তি কৰাবলৈ বিচাৰে। ইয়াৰ কোনোটোৱেই কৰাৰ প্ৰয়োজন নাই বুলি চিকিৎসকে কয়।

চিকিৎসকসকলৰ মতে, শিশুৰ জ্বৰ হ’লে অৱশ্যেই চিকিৎসকৰ তত্ত্বাৱধানত ৰাখিব, কিন্তু নিজে নিজে চিকিৎসা কৰি বিপদ নবঢ়াব। জ্বৰ খুব বেছি হ’লে মূৰত জলপট্টি দিয়াৰ লগে লগে কুহুমীয়া পানীৰে শিশুৰ শৰীৰ মচি দিব। বয়স আৰু ওজন অনুযায়ী পেৰাচিটামল জাতীয় ঔষধ খুৱাব লাগিব। জ্বৰৰ উপৰি শিশুৰ অন্যান্য উপসর্গৰ দিশেও লক্ষ্য ৰাখি চিকিৎসকৰ পৰামর্শ ল’ব লাগিব। জ্বৰ হ’লে শিশুসকলে খাব নিবিচাৰে, বমি কৰিব পাৰে আৰু পেটৰ বিষ বা ডায়েৰিয়াও হ’ব পাৰে।

ইয়াৰ লগতে মূৰ আৰু গা-হাত-ভৰিৰ বিষতো কৰেই। বহুতে দ্রুতভাৱে জ্বৰ কমাবলৈ আইব্রুফেন জাতীয় ঔষধ খুৱাই দিয়ে। ভুলতেও এই ঔষধ নিদিব। বৰং মূৰ ধুৱাই দি কুহুমীয়া পানীৰে গা-হাত-ভৰি স্পঞ্জ কৰাই দিলে ভাল হয়।জ্বৰৰ সৈতে ডায়েৰিয়া হ’লে ডিহাইড্রেচনৰ সম্ভাৱনা বাঢ়ে। সেয়ে জ্বৰৰ সময়ত শিশুই খাদ্য খাবলৈ আপত্তি কৰিলেও বাৰে বাৰে পানী, চুপ, চৰবত জাতীয় জলীয় খাদ্য দিয়াটো জৰুৰী।

জ্বৰৰ সৈতে শিশু শেতা পৰিলে বা জ্ঞান হেৰুৱালে ঘৰত ৰাখি চিকিৎসা কৰাৰ সলনি চিকিৎসকৰ নির্দেশ মানি হস্পিটেলত ভর্তি কৰা প্ৰয়োজন হ’ব পাৰে।প্ৰয়োজন হ’লেহে ৰক্ত পৰীক্ষা কৰাওকজ্বৰ হোৱাৰ লগে লগেই বহু পিতৃ-মাতৃয়ে নিজেই শিশুৰ ৰক্ত পৰীক্ষা কৰায় নিজেৰ ইচ্ছামতে।

কিন্তু শিশুৰ জ্বৰ হ’লেই ৰক্ত পৰীক্ষা কৰাৰ প্ৰয়োজন নাই। সাধাৰণ ভাইৰেল জ্বৰৰ লগত যদি ডিঙিৰ বিষ, শ্বাসকষ্ট বা ডায়েৰিয়া হয় আৰু শিশু যদি লেবেজান হৈ পৰে তেতিয়াহ’লে চিকিৎসকৰ পৰামর্শ লৈহে ৰক্ত পৰীক্ষা কৰোৱা উচিত বুলি চিকিৎসকে পৰামৰ্শ দিয়ে।শিশুৰ জ্বৰ কমাবলৈ বহুতেই চিকিৎসকক ফোন কৰি এণ্টিবায়টিক দিয়াৰ বাবে অনুৰোধ কৰে। ইফালে ভাইৰেল জ্বৰত এণ্টিবায়টিকৰ কোনো ভূমিকাই নাই।

জ্বৰৰ সৈতে অন্য কোনো সংক্রমণ হ’লে তাৰ বাবে ঔষধ দিব পৰা যায়। কিন্তু ‘অভাৰ দ্য কাউন্টাৰ’ ঔষধ কিনি শিশুক খুৱালে বিপদত পৰাৰ সম্ভাৱনা থাকে। এই পৰিস্থিতিত শিশুক সুস্থ ৰাখিবলৈ বিনা কাৰণত বাহিৰলৈ লৈ নাযাব, শ্বপিং মল বা বজাৰত গ’লে ক’ৰোনাৰ উপৰি অন্যান্য জ্বৰৰ সম্ভাৱনাও থাকে। ঘৰৰ পৰিবেশ পৰিচ্ছন্ন ৰাখি মহ-মাখিৰ পৰা শিশুক ৰক্ষা কৰি সুস্থ ৰাখক।

****  স্বাস্থ্য শিতানৰ বিষয় বস্তুবোৰ কেনে লাগিছে আমাক জনাব লগতে

আপোনালোকৰ পৰামর্শ বোৰও জনাব পাৰিব৷ আমাৰ মেইলত: assamtimespost@gmail.com   ***

Tags: Featured
Share4Tweet3Send

Related Posts

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

by News Desk
June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

by Staff Reporter
June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

by News Desk
June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

by News Desk
June 5, 2026
50
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

by Staff Reporter
June 5, 2026
50
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government
National-International

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

by Staff Reporter
June 5, 2026
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx