ASSAM TIMES POST
ডিফুৰ পৰা ছাইদুল ইছলাম:
ডিফু : আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাহাৰীয়া জিলা সদৰ চহৰ ডিফুৰ জীয়ৰী শ্ৰুতি জৈনে বাণিজ্য শাখাত অসমৰ ভিতৰত ষষ্ঠ স্থান দখল কৰি সমগ্ৰ কাৰ্বি আংলঙৰ লগতে ডিফুলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ শ্ৰুতি জৈন ডিফু ডনবস্ক’ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ বাণিজ্য শাখাত মুঠ ৪৫৭ নম্বৰ পাই ৯১’০২ শতাংশ লাভ কৰি অসমৰ ভিতৰত ষষ্ঠস্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷
এইলৈ পাহাৰীয়া জিলাখনৰ লগতে ডিফু চহৰ আৰু শ্ৰুতিজৈনে অধ্যয়ণ কৰা ডিফু ডনবস্ক’ হায়াৰছেকেণ্ডাৰী স্কুল আৰু অধ্যয়ণ একাডেমিত উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে ৷ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পিছত ‘আছাম টাইমছ পষ্ট’ৰ প্ৰতিবেদকে ডিফুস্থিত শ্ৰুতিৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে ৷ শ্ৰুতি জৈনেৰে হোৱা আছুতীয়া সাক্ষাৎকাৰৰ সময়ত শ্ৰুতি জৈনে তেওঁৰ সফলতাৰ কাৰণ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, পিতৃ-মাতৃ আৰু কোছিং লোৱা ডিফুৰ অধ্যয়ন একাডেমীৰ পৰিচালকদ্বয় আঞ্জুম খানৰ নেতৃত্বত থকা ডিফুৰ অধ্যয়ন একাডেমীৰ পৰিচালনা ব্যৱস্থাৰ থকা বুলি কয় ৷

শ্ৰুতি জৈনে তেওঁৰ ফলাফলত অত্যন্ত সুখী হোৱাৰ লগতে দৈনিক তাই ১৪ ঘণ্টাকৈ অধ্যয়ণ কৰিছিল বুলি কয় ৷ ভৱিষ্যতে এগৰাকী চাৰ্টাৰ্ড একাউণ্টেন্ট হোৱাৰ সপোন পুহি ৰখা কৃতী ছাত্ৰী শ্ৰুতি জৈনে ছ’চিয়েল মেডিয়াৰ ভাল-বেয়া দুটা গুণেই আছে বুলি কৈ ভাল ব্যৱহাৰটোকহে নৱ প্ৰজন্মই বাচি ল’ব লাগে বুলি আহ্বান জনায় ৷
আনহাতে, শ্ৰুতি জৈনৰ সফলতাত ডনবস্ক’ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ফাদাৰ ছাজিয়ে কয় যে শ্ৰুতি জৈনৰ সফলতাত তেওঁলোকক নথৈ আনন্দিত আৰু এয়া বিদ্যালয়খনৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ ফচল বুলি মন্তব্য কৰে ৷ শ্ৰুতি জৈন ডিফুৰ মনোজ জৈন আৰু ববিতা জৈনৰ কন্যা ৷













