ASSAM TIMES POST
ডিফু : ২০২১ৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে দল সলনিৰ ৰাজনীতি ৷ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো আজি বিৰোধী দল কংগ্ৰেছ আৰু এএইছপিএলচিৰ শতাধিক কৰ্মীয় আনুষ্ঠানিকভাবে বিজেপি দলত যোগদান কৰে ৷
এই উদ্দেশ্যে ডিফুৰ জয়ছিংদলৈ প্ৰেক্ষাগৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত কাৰবি আংলং জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অলপতে পদত্যাগ কৰা কাচাং তেৰাংপীয়ে পূৰ্বে অনুমান কৰাৰ দৰেই দলে-বলে বিজেপি দলত আনুষ্ঠানিকভাবে যোগদান কৰে ৷ অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এপিএইছএলচিৰো ভালে কেইগৰাকী নেতা-কৰ্মীয়ে আজি আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰে ৷

দলত নতুনকৈ যোগদান কৰা সদস্যসকলক আদৰণি জনাই প্ৰদান কৰা ভাষণত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপি দলে গণ প্ৰচাৰৰ বিপৰীতে উন্নয়ণৰ ৰাজনীতি কৰে বুলি মন্তব্য কৰি বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিম কাৰ্বি আংলঙত দুই সহস্ৰাধিক নিবণুৱাৰ চৰকাৰী নিযুক্তি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে ৷ সাংসদ হৰেণছিং বে’ই সকলোকে ঐক্যবদ্ধভাবে কাম কৰাৰ আহ্হান জনায় ৷
আনহাতে, আজি এপিএইছএলচিৰ কেন্দ্ৰীয় সমিতিৰ নেতা সাগৰ তিচ’ বিজেপিত যোগদান কৰে৷













