ASSAM TIMES POST
ডিফু : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ৯খন পৌৰসভাৰ মনোনীত ৱাৰ্ড কমিচনাৰসকলৰ শপত গ্ৰহণ অনুষ্ঠান আজি সম্পন্ন হৈ যায় ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে’, পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি, পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য উপস্থিত থাকে ৷
আজি শপতবাক্য পাঠ কৰা বিভিন্ন পৌৰসভাৰ মনোনীত ৱাৰ্ড কমিচনাৰসকলৰ ক্ৰমে, ডিফু পৌৰসভাৰ ৰেংকা টেৰণপী, অমিত কেম্প্ৰাই, বোকাজান পৌৰসভাৰ পাৰ্থ ভৌমিক, দিলীপ টকবি, লাংহিন পৌৰসভাৰ দিলীপ শীল, লীলা টেৰণপী, ডকমকা পৌৰসভাৰ অনন্ত ইংহি, প্ৰভাত টেৰণ, ডংকামোকাম পৌৰসভাৰ ডাৰৱিলচন বে’, চন্দ্ৰছিং তিমুঙ, হামৰেণ পৌৰসভাৰ হামতাৰা তেৰাংপী, মনিৰাম টেৰণ, বকলীয়া পৌৰসভাৰ প্ৰণৱ টেৰণ, অজিত টেৰাঙ, বৈঠালাংচ পৌৰসভাৰ লংছিং ৰংপি, চক্ৰ তিমুঙ আৰু হাওৰাঘাট পৌৰসভাৰ জয় প্ৰকাশ গোৱালা আৰু আইৰিছ টকবিপী ৷













