ASSAM TIMES POST
ডিফু:হাতত কেমেৰালৈ সংবাদৰ পিছত দৌৰি ফুৰা ডিফুৰ যুৱ কেমেৰামেন আৰু দেখা নাপায় ৷ কাৰবি আংলঙ জিলাৰ সংবাদ জগতক শোক সাগৰত পেলাই আজি চিৰ বিদায় মাগিলে ডিফুৰ যুৱ ভিডিঅ জাৰ্ণালিষ্ট কিৰণ বণিকে ৷
কিৰণৰ বণিকৰ অকাল বিয়োগৰ খবৰ লাভ কৰি কাৰবি আংলঙ জিলা প্ৰেছ ক্লাৱত শোকৰ ছাঁ পৰিল ৷ এগৰাকী, নিষ্ঠাৱান সৎসাহসী ভিডিঅ’ জাৰ্ণালিষ্ট কিৰণ বণিকে অতি নিয়াৰিকৈ নিজৰ কৰ্তব্য সম্পাদন কৰিছিল ৷

কৰ্মজীৱনৰ অধিক সময় কাল প্ৰতিদিন টাইমৰ সাংবাদিক সঞ্জু বৰাৰ সৈতে কেমেৰা মেন হিচাপে কৰ্তব্য পালন কৰা কিৰণ বণিকে শেহতীয়াকৈ আছাম টাইমছ পষ্ট নামৰ ডিজিটেল পৰ্টেল আৰু পিছত ডিৱাই ৩৬৫ ত সহ কেমেৰামেন হিচাপে কাম কৰিছিল ৷
পৰিয়ালৰ সূত্ৰই জানিব দিয়া অনুসৰি যোৱা কিছুদিন ধৰি কিৰণ বণিক যকৃতৰ জটিল ৰোগত ভুগি আছিল বুলি জানিব দিয়ে ৷ তিনিদিন পূৰ্বে কিৰণ বণিকক চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত ভৰ্তি কৰে যদিও তিনিদিন ধৰি জীৱন – মৰণৰ সৈতে যুদ্ধ কৰি আজি সন্ধিয়াৰ ভাগত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷
আজি কিৰণ বণিকৰ নশ্বৰ দেহ তেও গৃহ ধনশিৰিলৈ লৈ যোৱাৰ সময়ত ডিফু চহৰৰ ধনশিৰি তিনিআলিত জিলা প্ৰেছ ক্লাৱৰ সদস্য, জ্যেষ্ঠ সাংবাদিকৰ লগতে শুভাকাংখী সকলে পুষ্পাঞ্জলীৰে গভীৰ শ্ৰদ্ধা নিবেদন কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ প্ৰয়াত কিৰণ বণিকে এই সংহাৰত পত্নী আৰু এটি ফুল কুমলীয়া শিশু সন্তৈন এৰি থৈ গৈছে ৷
ছাইদুল ইছলাম, ডিফু













