ASSAM TIMES POST
ডিফু : বিশ্ববিখ্যাত অভয়াৰণ্য কাজিৰঙা অভয়াৰণ্যৰ গৌৰৱৰ থল এশিঙিয়া গঁড়ক চোৰাং চিকাৰীয়ে এটা এটাকৈ হত্যা কৰি গঁড়ৰ খড়গ সমূহ নি আন্ত:ৰাষ্ট্ৰীয় চোৰাং বজাৰত বিক্ৰি কৰি আহিছে ৷
ইয়াৰ সমান্তৰালকৈ কাৰবি আংলং আৰক্ষীৰ ঐক্যবদ্ধ প্ৰচেষ্ঠাত চলিত মাহটোত ৭ জনকৈ দূৰ্ধৰ্ষ চোৰাং গঁড় চিকাৰীক অত্যাধুনিক মৰণাস্ত্ৰ সহ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা জিলা খনৰ আৰক্ষীৰ ঐক্যবদ্ধ ফচল বুলি অভিহিত কৰিছে কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে ৷
আজি AK81 ৰাইফল সহ পলাতক তিনি চোৰাং গঁড় চিকাৰী ক্ৰমে, জনথাং ওৰফে থাঙবই, মুৱামুৱান ওৰফে অভাৰ চাইজ আৰু নিংমিয়ানলুন ওৰফে লুলুনক আৰক্ষীয়ে আটক কৰি মাঞ্জা থানালৈ অনাৰ পিছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
আৰক্ষী অধীক্ষক গঁড় চিকাৰী আটক কৰা অভিযানত কাৰবি আংলং আৰক্ষীৰ প্ৰতিজন বিষয়া, সেনা – আৰক্ষীৰ লগতে গাওঁৰক্ষী বাহিনীয়ে উৎকৃষ্ট ভূমিকা পালন কৰাৰ বাবেই অভিযান সফল হ’ল বুলি জনায় ৷ ইয়াৰোপৰি আন্তৰাষ্ট্ৰীয় সীমাৰে গঁড় চিকাৰীৰ দলটোৱে বাহনত চেম্বাৰ তৈয়াৰ কৰি অত্যাধুনিক মৰণাস্ত্ৰ সমূহ সীমান্ত পহৰা চকী সমূহত আৰক্ষীৰ চকুত ধুলি দি অসম তথা কাৰবি আংলঙলৈ আনিবলৈ সক্ষম হোৱা কাৰ্যত অধ্যক্ষ গৰাকীয়ে উদ্বিগ্নতা প্ৰকাশ কৰে আৰু এতিয়াৰে পৰা তালাচী কাৰ্য অধিক সক্ৰিয় কৰা হব বুলি কয় ৷
চলিত মাহত অস্ত্ৰ- শস্ত্ৰ সহ ৭ জনকৈ চোৰাং চিকাৰী আৰক্ষীৰ জালত পৰা কাৰ্য দেশত কৰ’না ভাইৰাছৰ বাবে কঠোৰ বাবে বলবৎ হৈ থকা লকডাউনৰ বাবেই সম্ভৱ হ’ ল বুলি কয় ৷ ইয়াৰোপৰি আৰক্ষী অধীক্ষক গৰাকীয়ে দূৰ্ধৰ্ষ চিকাৰী কেইটা অস্ত্ৰ সহ আটক হ’ল যদিও গঁড়ৰ খড়গ সমূহ উদ্ধাৰ কৰিব পৰা নাই মন্তব্য কৰে, অৱশ্যে এই ক্ষেত্ৰতো আৰক্ষীয়ে শীঘ্ৰে সফলতা লভ কৰিবলৈ সক্ষম হব বুলি কয় ৷













