ASSAM TIMES POST
ছাইদুল ইছলাম,ডিফু :
বিগত সময়ছোৱাত বিভিন্ন চৰকাৰী বিভাগত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য ৰাজহুৱা কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি অহা কাৰ্বি আংলং জিলাৰ অগ্ৰণী আৰ টি আই কৰ্মী মোহন ৰংপিক কেইবাটাও গোচৰত ডিফু আৰক্ষীয়ে আটক কৰি আনি গ্ৰেপ্তাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, কাৰ্বি আংলং জিলাৰ জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা জয়বিনন লাঙমালাইয়ে ডিফু থানাত আৰ টি আই কৰ্মী মোহন ৰংপিৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে।
সেই অনুসৰি জিলাখনত মোহন ৰংপিয়ে জলসিঞ্চন বিভাগৰ অধীনৰ এক ঠিকাৰ কাম সম্পূৰ্ণ নকৰাকৈয়ে ধন উলিয়াই নিয়াৰ লগতে বিভাগটোৰ বিষয়াসকলক ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰা হয়। চৰকাৰী বিষয়াগৰাকীৰ অভিযোগৰ ভিত্তিত ডিফু আৰক্ষীয়ে ১১৯/২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/৪৪৮/৩৫৩/৩৮৭/৪০৬/৪২০/৫০৬ ধাৰাৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰি যোৱা নিশাই ডিফু সদৰ থানালৈ আটক কৰি আনি সোধ পোছ কৰাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰে।
ইফালে, এই সমস্ত ঘটনাক এক ষড়যন্ত্ৰ আখ্যা দি আৰ টি আই কৰ্মী মোহন ৰংপিয়ে তেওঁ জলসিঞ্চন বিভাগৰ কোনো ঠিকাৰ কাম কৰা বুলি থানালৈ আহিহে অৱগত হোৱা বুলি মন্তব্য কৰে। জলসিঞ্চন বিভাগৰ কোনো ঠিকাৰ কামৰ সৈতে তেওঁ জড়িত নহয় বুলি দাবী কৰি ভাবুকি প্ৰদান কৰাৰ অভিযোগ কৰা চৰকাৰী বিষয়াগৰাকীক তেওঁ পূৰ্বে কেতিয়াও দেখা নাছিল বুলিহে মন্তব্য কৰে। ৰংপিয়ে যোৱানিশাৰ পৰাই অনশন কৰি ইয়াৰ বিৰোধিতা কৰা বুলিও জানিব পৰা গৈছে।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে কংগ্ৰেছ চৰকাৰৰ আমোলৰ পৰাই পাহাৰীয়া জিলাখনৰ জলসিঞ্চন বিভাগত সংঘটিত হোৱা পৰ্বতসম দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে আৰ টি আই কৰ্মী মোহন ৰংপিয়ে। এই সম্পৰ্কে ইতিপূৰ্বে ৰংপিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰাৰ লগতে অসম আৰক্ষীৰ ভিজিলেঞ্চ শাখাতো গোচৰ ৰুজু কৰিছিল। স্থানীয় আৰক্ষী থানাতো আৰ টি আই কৰ্মীগৰাকীয়ে জলসিঞ্চন বিভাগৰ দুৰ্নীতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল বুলি জানিব পৰা গৈছে। তেনেস্থলত তেওঁৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ বাবেহে এনে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ কৰিছে আৰ টি আই কৰ্মীগৰাকীয়ে ।













