ASSAM TIMES POST
ডিফু : ক’ৰ’নাৰ আতংকৰ মাজতে অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ উদ্যোগত আজি বকলীয়াঘাটত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় জনতাৰ শিল্পী কলাগুৰু বিষ্ণু ৰাভা দিৱস। সামাজিক ব্যৱধান মানি চলি সংগঠনটোৰ বকলীয়াঘাট আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্টুপীয়াকৈ আয়োজন কৰা ৰাভা দিৱসৰ কাৰ্যসূচীৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ বকলীয়াঘাট আঞ্চলিক সমিতিৰ উপ-সভাপতি মুকুন্দ বৰাই। স্মৃতি তৰ্পণ অনুষ্ঠানৰ আঁত ধৰে সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক অপূৰ্ব দাসে।

কলাগুৰুজনাৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্নজনে বিষ্ণু ৰাভাৰ কবিতা আবৃত্তি কৰাৰ লগতে গীত পৰিৱেশন কৰে। যুৱছাত্ৰ পৰিষদৰ বকলীয়াঘাট আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক পাৰ্থপ্ৰতীম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক সভাত কেইবাজনো বক্তাই ৰাভাৰ জীৱন আৰু কৰ্মৰাজিৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে।













