ASSAM TIMES POST
ডিফু : মাৰাত্মক ক’ভিড ১৯ত আক্ৰান্ত হৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙত দ্বিতীয় গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে এই পৰিসংখ্যা লৈ অসমত ক’ভিড ১৯ত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পালে ৷ যোৱা নিশা ডিফু মেডিকেল কলেজ আৰু হাস্পাতালৰ ক’ভিড হাস্পাতালৰ আইচ’লেচন ৱাৰ্ডত ক’ভিডত আক্ৰান্ত হৈ এগৰাকী যুৱকৰ মৃত্যু হয় ৷ মৃত যুৱকজনৰ নাম সঞ্জয় খাকলাৰী (২১) ৷
২১ বছৰীয়া যুৱকগৰাকী ১৬ জুনত চেন্নাইৰ পৰা উৰাজাহাজেৰে আহি গুৱাহাটীত নামিছিল ৷ গুৱাহাটীৰ পৰা আহি নিশা ৮-৩০ বজাত কাৰ্বি আংলং জিলাৰ পাৰখোৱাত স্বাৱ দি বকলীয়াঘাটত কোৱাৰেন্টাইনত আছিল ৷ কালি পুৱা উশাহ-নিশাহ লোৱাত কষ্ট পোৱাত তেওঁক ডিফু মেডিকেল কলেজলৈ পুৱাতে অনা হৈছিল ৷ সন্ধিয়া যুৱকগৰাকীৰ ডিফু ক’ভিড হাস্পাতালৰ আইচ’লেচন ৱাৰ্ডত মৃত্যু হয় ৷ জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া জনোৱা মতে যোৱাকালি সন্ধিয়া যুৱক গৰাকী চিকিৎসাধীন অৱস্থাত শ্বাস-প্ৰশ্বাস লোৱাত কৰ্তব্যৰত স্বাস্থ্য কৰ্মী আৰু চিকিৎসকসকলে গম পাই তেওঁক অক্সিজেন আদি দিয়াৰ ব্যৱস্থা কৰে যদিও সফল নহ’ল ৷
নিয়তিৰ ওচৰত হাৰ মানি চিৰ বিদায় ললে ২১ বছৰীয়া যুৱক সঞ্জয় খাকলাৰী৷ অৱশ্যে ১৬ জুনত লোৱা সঞ্জয় খাকলাৰীৰ স্বাৱ টেষ্টৰ ৰিজাল্ট আজি পুৱা পজিটিভ অহাত তেওঁ ক’ভিড ১৯ত আক্ৰান্ত হয় বুলি প্ৰশাসন নিশ্চিত হয় ৷ আজি দুপৰীয়া যুৱক গৰাকীৰ ডকমকা থানা এলেকাৰ নিজা গাওঁ লাংহিনৰ বেলতলাত মৃতদেহ সৎকাৰ কৰা হ’ব বুলি প্ৰশাসনে জনাইছে ৷
আনহাতে মৃত যুৱকগৰাকীৰ নিজা গাঁৱৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি যুৱকগৰাকীক কাৰবি আংলং জিলাৰ অতিৰিক্ত উপায়ুক ৰাজেশন টেৰণ, জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ ইএম খনছিং ৰংপিৰ উপস্থিতিত বেলতলা গাওঁৰ ৰাজহুৱা শ্মশানত সম্পূৰ্ণ ক’ভিড ১৯ৰ প্ৰট’কল মতে সৎকাৰ কৰে ৷
এইলৈ জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই লাংহিন বেলতলাৰ স্থানীয় ৰাইজৰ সহযোগিতা কৰাৰ বাবে আৰু সৎকাৰত উপস্থিত থকা বিষয়া কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে৷ ইয়াৰ পূৰ্বে অৰুণ কাকতি নামৰ বকলীয়াঘাটৰ এগৰাকী লোকৰ ৮ জুনত ডিফুত ক’ৰোণা ত মৃত্যু হৈছিল ৷ উৰাজাহাজেৰে ক’ৰোণা আক্ৰান্ত যুৱকগৰাকী কেনেকৈ আহিল তাকে লৈ এতিয়া প্ৰশ্ন হৈছে ৷ কাৰণ বিমানবন্দৰত সোমোৱাৰ পূৰ্বে সকলো পৰীক্ষা কৰাৰ পিছতো হোৱা এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷













