ASSAM TIMES POST
ডিফুৰ পৰা ছাইদুল ইছলাম:
হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেৱল কৃতীমান সকলেই যে বিভিন্ন ব্যক্তি, দল- সংগঠনৰ জৰিয়তে অভিনন্দনৰ পাত্ৰ হ’ব পাৰে তেনে এক ধাৰণাক নস্যাত কৰি সম্পূৰ্ণ এক ব্যতিক্ৰমী প্ৰয়াসেৰে মাত্ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰীসকললৈ আজি অভিনন্দন আগবঢ়াইছে ‘আছাম টাইমছ প’ষ্ট’ নামৰ ডিজিটেল সংবাদ মাধ্যমে ৷ইয়াৰ পূৰ্বেও আছাম টাইমছ পষ্টৰ সম্পাদক কামৰুল খানে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান দখল কৰা ডিফুৰ অলিন্দিতা কলিতাৰ ঘৰলৈ গৈ ছাত্ৰী গৰাকীক ফুলাম গামোছাৰে অভিনন্দন জনোৱাৰ লগতে ৫ হাজাৰ টকাৰ এক ক্ষুদ্ৰ উপহাৰ প্ৰদান কৰিছিল ৷


অসমৰ ডিজিটেল সংবাদ মাধ্যমত যাত্ৰা আৰম্ভ কৰা ‘আছাম টাইমছ প’ষ্ট’ৰ উদ্যোগত আজি ডিফু চহৰৰ হৰিলাল বস্তি কালী মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হয় হাইস্কুল শিক্ষান্ত পৰীক্ষা, ২০২০ত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন কাৰ্যসূচী৷ ‘আছাম টাইমছ প’ষ্ট’ৰ সম্পাদক তথা সঞ্চালক কামৰুল খানৰ পৌৰুহিত্যত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সাংবাদিক ছাইদুল ইছলাম আৰু সভাখনৰ আঁত ধৰে উদীয়মান যুৱক আকিব আহমেদে ৷
সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, জ্যেষ্ঠ সাংবাদিক কামৰুল খান, সন্মানীয় অতিথি আৰু জ্যেষ্ঠ সাংবাদিক দেৱজ্যোতি বৰা, আৰু আমন্ত্ৰিত অতিথি কালী মন্দিৰ কমিটিৰ সভাপতি সুব্ৰত দেৱে ছাত্ৰ- ছাত্ৰীসকলৰ সোণালী ভৱিষ্যত গঢ়াৰ ওপৰত বহুমূলীয়া ভাষণ প্ৰদান কৰে ৷ সভাখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা হৰিলাল বস্তি আৰু ৰংনিহান পথাৰৰ ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীক ‘আছাম টাইমছ প’ষ্ট’ৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোছা আৰু কিছু আৰ্থিক অনুদান আগবঢ়োৱা হয় ৷
চহৰখনৰ নিচেই কাষতে থকা হৰিলাল বস্তি আৰু ৰংনিহান পথাৰৰ অতি পিছপৰা এলেকাৰ দুখীয়া-দৰিদ্ৰ ছাত্ৰ- ছাত্ৰীসকলক উৎসাহ- উদ্দীপনা যোগোৱাৰ বাবেই ‘আছাম টাইমছ প’ষ্টে’ এই ক্ষুদ্ৰ প্ৰয়াসক স্থানীয় লোকে শলাগ লৈছে ৷ ইয়াৰোপৰি স্থানীয় উদীয়মান যুৱক ক্ৰমে, আব্দুল কৰিম লষ্কৰ, গোলাব খান, ইয়াকুব আলী, নুৰ হুছেইন, ৰমেল আলী, জহিৰুল ইছলাম, মনচুৰ আলী, দিপু দাস, জিতেন দাস, আইনুল ইছলাম, মমিনুল ইছলাম, মুকেশ ছৈনী আৰু ছমছেৰ আলীয়ে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ মনোবল বৃদ্ধি কৰিবলৈ এখনকৈ অভিধান প্ৰদান কৰে৷













