ASSAM TIMES POST
ডিফু : কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছ সমিতিৰ সভানেত্ৰী হিচাপে আজি জিলাখনৰ কংগ্ৰেছ নেতৃ ৰীণা বে’পীক দায়িত্ব প্ৰদান কৰা হয়। আজি ডিফুস্থিত কাৰ্বি আংলং জিলা৷কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজিত এক সভাত দলৰ নেতা-কৰ্মীসকলে নৱ নিৰ্বাচিত সভানেত্ৰীগৰাকীক উষ্ণ অভিনন্দন জ্ঞাপন কৰে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যি জিলা মহিলা কংগ্ৰেছৰ পূৰ্বৰ সভানেত্ৰী কাছাং তেৰিংপীয়ে কালি এক সংবাদমেলৰ আয়োজন জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগৰ কথা ঘোষণা কৰাৰ লগতে বৰ্তমানৰ জিলা কংগ্ৰেছৰ সভাপতি খৰছিং ইংতিৰ বিৰুদ্ধে ভালেকেইটা অভিযোগ উত্থাপন কৰিছিল। কংগ্ৰেছ নেতৃত্বই আজি পদত্যাগী সভানেত্ৰীগৰাকীৰ অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰাৰ লগতে লগতে কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ বাবে কাছাং তেৰাংপীয়ে পদত্যাগ কৰাৰ পূৰ্বেই তেওঁক এই দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল বুলি জানিবলৈ দিয়ে।













