ASSAM TIMES POST
ডিফুৰ পৰা ছাইদুল ইছলাম
ডিফু : কাৰ্বি আংলং জিলা কংগ্ৰেছত জোকাৰণিৰ সৃষ্টি কৰি আজি নাটকীয়ভাবে জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা পদত্যাগ কৰে কাছাং তেৰাংপীয়ে ৷ আজি ডিফুস্থিত জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি এই সিদ্ধান্তৰ কথা ঘোষণা কৰে খোদ সভানেত্ৰী কাছাম তেৰাংপীয়ে ৷ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰখনত যদিওবা পদত্যাগৰ কাৰণ সভানেত্ৰী গৰাকীয়ে ব্যক্তিগত আৰু ৰোগজনিত কাৰণত বুলি লিখিছে।
কিন্তু সংবাদমেলত তেওঁত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তথা প্ৰাক্তন মন্ত্ৰী খৰছিং ইংতিৰ স্বেচ্ছাচাৰিতা আৰু একাংশ দলীয় নেতা-কৰ্মীৰ প্ৰতি দেখুৱা সভাপতিগৰাকীৰ মাহীআই সদৃশ দৃষ্টিভংগীৰ বাবে সভাপতিৰ প্ৰতি মোহভংগ হৈছে বুলি কয় ৷ সভানেত্ৰী কাছাং তেৰাংপীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, যি সময়ত বিজেপিয়ে কংগ্ৰেছৰ পৰা দেশ, ৰাজ্য, স্বায়ত্তশাসিত পৰিষদৰ শাসন কাঢ়ি নিছিল তেতিয়া জাকে জাকে নেতা-কৰ্মীসকল বিজেপিত যোগদান কৰিছিল ঠিক তেনে সময়ত সভানেত্ৰীগৰাকী কংগ্ৰেছ দলৰ বিপৰ্যয়তো চৰম আনুগাত্য প্ৰকাশ কৰি নি:স্বাৰ্থভাৱে দলৰ কাম কৰি গৈছিল৷
পূৰ্বৰ সভাপতি বিৰেণছিং ইংতিৰ পৰা সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিয়েই খৰছিং ইংতি কংগ্ৰেছৰ পুৰণি নেতা-কৰ্মীক আওকান কৰি সম্পূৰ্ণ স্বেচ্ছাচাৰিতাৰে বিভিন্ন দলৰ পৰা দল বাগৰি অহা একাংশ লোকক দলীয় পদবী অৰ্পণ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ৷ খৰছিং ইংতিয়ে জিলা কংগ্ৰেছৰ সভাপতিৰ পদত অধিষ্ঠিত হৈ থাকিলে আগন্তুক ২০২১ চনৰ বিধান সভা নিৰ্বাচনত এখনো আসনো লাভ কৰিব নোৱাৰাৰ লগতে কোনোপধ্যে জয়ী হব নোৱাৰে বুলি কয় ৷
পদত্যাগী সভানেত্ৰী গৰাকীয়ে ইয়াকো কয়যে, খৰছিং ইংতি জিলা কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পিছত একাংশ দলীয় নেতা-কৰ্মী সদস্য সকলৰ প্ৰতি কৰা একপক্ষীয় আচৰণত জিলা কংগ্ৰেছত সংঘাত সৃষ্টি হৈছে ফলত ২০২১ চনৰ নিৰ্বাচনত সহজে বিজেপি জয়ী হোৱাৰ দুৱাৰ মুকলি হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সভানেত্ৰী গৰাকীয়ে ৷
কাল কৰ’নাৰ সময়তো সভাপতি গৰাকীয়ে নিজকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি দলীয় কৰ্মীৰ একো খবৰ নললে বুলিও অভিযোগ কৰে ৷ সভানেত্ৰী গৰাকীৰ পদত্যাগৰ পিছত জিলা মহিলা কংগ্ৰেছৰ সম্পাদিকাকে ধৰি ১০ টাকৈ মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী আৰু দলীয় কৰ্মীয়ে কংগ্ৰেছ দলীয় পদৰ পৰা পদত্যাগ কৰিব বুলি জনায়সভানেত্ৰী গৰাকীয়ে ৷
অৱশ্যে সভানেত্ৰী গৰাকীয়ে সভানেত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিলেও দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা নাই বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে ৷ পদত্যাগী সভানেত্ৰী কাছাং তেৰাংপী ভৱিষ্যতে কোন দললৈ যাব সেয়া আজি মন্তব্য কৰাৰ পৰা বিৰত থাকে যদিও অতি শীঘ্ৰে সেই কথা স্পষ্ট হৈ পৰিব বুলি জানিব পৰা গৈছে৷













