ASSAM TIMES POST
ডিফু : যোৱা ৭ জুনত আৰক্ষী- সেনা আৰু চিআৰপিএফ আৰু অন্যান্য নিৰাপত্তাৰক্ষীৰ এক অভিযানত ডকমকা থানা এলেকাৰ থেৰাবাছাৰ গভীৰ অৰণ্যৰ পৰা বৃহৎ অস্ত্ৰ ভাণ্ডাৰসহ পিডিচিকে গৃহ সচিব আৰু ছাৰ্জেণ্টকে ধৰি ৪ জন সদস়্যক গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পিডিচিকেৰ অধ্যক্ষ জেকে লিজাঙে ৷ ছলাংদ নামৰ এক এফ বি একাউণ্টত আপলুড হোৱা পিডচিকেৰ অধ্যক্ষ জেকে লিজাঙ স্বাক্ষৰ সম্বলিত এক প্ৰেছ বিবৃতিযোগে উক্ত ঘটনাৰ গৰিহণা দিয়ে ৷
বিবৃতিটোত উল্লেখ কৰা অনুসৰি ৪ জনকৈ পিডিচিকে কেডাৰৰ গ্ৰেপ্তাৰৰ ঘটনাত সংগঠনটো নিষ্ক্ৰিয় হোৱা নাই, গ্ৰেপ্তাৰ, আটক আদি সংগ্ৰামৰ এক অংশহে মাথোন ৷ কিছুমান অবিবেচকী, সাহায্যকাৰীয়ে শত্ৰুক সহায় কৰাৰ বাবেই কেডাৰ কেইজনক শত্ৰুপক্ষই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল ৷ সাধাৰণ কাৰবি লোকে কেডাৰ কেইজনৰ গ্ৰেপ্তাৰ কাৰ্যত মৰ্মাহত হৈছে ৷ সেয়ে কাৰবি লংৰিক হৃদয়চ্যুত নহবলৈ আহ্বান জনোৱাৰ লগতে পিডিচিকেৰ সংগ্ৰামক অধিক সক্ৰিয় কৰিবলৈ নৱ প্ৰজন্মক সংগঠনটোত ভৰ্তি হবলৈ আহ্বান জনায় ৷
গৃহ সচিব ডেভিড মুক্ৰাঙ আৰু ছাৰ্জেণ্ট পল ৰেংমাৰ গ্ৰেপ্তাৰত পিডিচিকেত নেতৃত্বৰ স্থান শূন্য হৈ নপৰে ৷ পিডিচিকেৰ ওচৰত নেতাৰ যোগ্যতা থকা যথেষ্ঠ কেডাৰ আছে ৷ যি সময়ত কাৰবি আংলং জিলা আৰক্ষীয়ে জিলাখনত পিডিচিকেৰ শক্তি প্ৰায় নাই হৈছে বুলি মন্তব্য কৰিছে তেনে সময়ত উগ্ৰপন্থী সংগঠন পিডিচিকেৰ অধ্যক্ষ কে লিজাঙৰ এই বিবৃতিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ৷













