ASSAM TIMES POST
ডিফুৰ পৰা ছাইদুল ইছলাম:
সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাল চৌহদত আজি আনুষ্ঠানকভাবে মুকলি হয় ক’ভিড ১৯ পৰীক্ষাৰগাৰ ৷ চিকিৎসা মগাবিদ্যালয়টিৰ একাডেমিক ব্লকৰ দ্বিতীয় মহলাত পৰীক্ষাৰটি মুকলি কৰিলে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ CEM তুলিৰাম ৰংহাঙে৷ ফলত তিনি পাহাৰীয়া জিলাৰ ৰাইজক সকাহ প্ৰদান কৰি কাইলৈৰ পৰা আৰম্ভ হ’ব ক’ভিড ১৯ৰ পৰীক্ষা ৷
পূব আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ লগতে আন তিনিখনকৈ জিলাক সামৰি ল’ব পৰীক্ষাগাৰটোৱে৷ আনহাতে ক’ভিড ১৯ত মৃত্যু হোৱা বকলীয়াঘাটৰ লোকজনৰ মৃতদেহ সৎকাৰক লৈ সৃষ্টি হোৱা পৰিস্থিতক দুৰ্ভাগ্যজনক আখ্যা দিয়ে তুলিৰাম ৰংহাঙে৷ ক’ভিড ১৯ ৰ মৃতদেহ সৎকাৰক লৈ এতিয়াৰে পৰা অাৰু সৃষ্টি নহয় তেনেধৰণৰ পৰিস্থিত৷ এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্ত পৰিষদে গ্ৰহণ কৰিছে যাৱতীয় সকলো ব্যৱস্থা ৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে পৰীক্ষাৰটোৰ জৰিয়তে ক’ভিড ১৯ পৰীক্ষাৰ ৰিজাল্ট দুই এদিনতে পোৱা যাব বুলি মন্তব্য কৰে ৷













