ASSAM TIMES POST
ডিফু : ৰাজ্যত ক’ভিড ১৯ আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা পঞ্চমজন লোকৰ মৃতদেহ ডিফুত সৎকাৰকলৈ ডিফুবাসী একাংশ ৰাইজৰ মাজত হোৱা বিভ্ৰান্তি আৰু শংকাৰ বাবে মৃতদেহ ডিফুত সৎকাৰ কৰিব নোৱাৰাৰা বাবে কাৰবি আংলং জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়যে, আজি পুৱা মৃত অৰুণ কাকতিক তেওঁৰ গৃহ চহৰ বকলীয়াঘাটৰ চূণপুৰা গাঁৱত সৎকাৰ কাৰ্য সম্পন্ন কৰা হয় ৷
যদিও ক’ভিড ১৯ ত আক্ৰান্ত হৈ মৃত়্যু মুখত পৰা অৰুণ কাকতিৰ মৃতদেহটো ৰাইজৰ বাধাৰ বাবে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে দিয়া ডিফু – লামডিং পথৰ ৮ কিলোত সমাধিস্থ কৰিব পৰা নগ’ল, পৰিষদে পুণৰ দলদলী সংৰক্ষিত বনাঞ্চলত সৎকাৰ কৰাৰ বাবে কৈছিল ৷ কিন্ত তাতো গভীৰ নিশাত নিৰাপত্তা জনিত কাৰণত মৃতদেহটো সৎকাৰ কৰা নহ’ল ৷ আজি পুৱা অৰুণ কাকতিৰ মৃতদেহটো কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ তৎপৰতাত বকলিয়ালৈ নি চূণপুৰাত সৎকাৰ কৰা হয় ৷
তেওঁ আৰক্ষী অধীক্ষক গৰাকীৰ ভূমিকাক শলাগ লয় ৷ ইয়াৰোপৰি উপায়ুক্ত গৰাকীয়ে কাৰবি আংলংবাসী ৰাইজৰ জ্ঞাতাৰ্থে জনায়যে, ক’ভিডক মত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰৰ সময়ত ক’ভিড১৯ ৰ সম্পূৰ্ণ প্ৰট’ কল অৱলম্বন কৰা হয়, সেই ক্ষেত্ৰত সৎকাৰ কাৰ্য সম্পূৰ্ণ নিৰাপদ থাকে ৷ ৰাইজক আতংকিত নহৈ সামাজিক দূৰত্ব আৰু মাস্ক পিন্ধাৰ লগতে ৰাজহুৱা স্থানত ধঁপাত, গুটখা আদি খাই থু নেপেলাবলৈ আহ্বান জনাইছে ৷













