ASSAM TIMES POST
ডিফু: শিক্ষাগত জীৱনৰ প্ৰথমখন দেওঁনা পাৰ কৰিলে আজি একাংশ শিক্ষাৰ্থীয়ে। উৎকন্ঠাৰ সাম কাটি আজি ওলাল মেট্ৰিকৰ ৰিজাল্ট। পাহাৰীয়া জিলা কাৰ্বি আংলংৰ অন্তৰ্গত ডিফু চহৰৰ অলিন্দিতা কলিতাই লাভ কৰিছে ১০ নং স্থান। মুঠ ৫৮৪ নম্বৰ লৈ ১০ স্থান দখল কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকী।

তেওঁৰ দেউতাকৰ নাম বংশীধৰ কলিতা শিক্ষকতা কৰে গোলাঘাটত আৰু মাতৃ সংগীতা কলিতা ডিফু চিভিল হস্পিতালত কৰ্মৰত। ছাত্ৰী গৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি Assam Times Post ৰ তৰফৰ পৰা তেওঁলৈ জনাইছো অশেষ শুভকামনা।













