ASSAM TIMES POST
বিশেষ প্ৰতিবেদন:
কৰোনা ভাইৰাছৰ পৰা বাচিবলৈ আগন্তুক ১ বছৰৰ বাবে ২২ জৰুৰী পৰামর্শ আগবঢ়াইছে ভাৰতৰ প্ৰসিদ্ধ হৃদৰোগ বিশেষজ্ঞ তথা ছার্জন ডাঃ দেৱী শেঠিয়ে। পৰামৰ্শবোৰ তেনেই সহজ। যাক পালন কৰিলে জীৱন বচাব পৰা যাব।
১. এক বছৰৰ বাবে বিদেশ ভ্রমণ স্থগিত।
২. আগন্তুক এটা বছৰ বাহিৰত কোনো খাদ্যবস্তু গ্ৰহণ নকৰিব।
৩. বিয়া বা অন্যান্য অনুৰূপ অনুষ্ঠানলৈ নাযাব।
৪. অপ্রয়োজনীয় ভ্রমণ নকৰিব।
৫. কমপক্ষেও এবছৰ কোনো ভিৰৰ স্থানলৈ নাযাব।
৬. সামাজিক দূৰত্বৰ নিয়মাৱলী সম্পূর্ণৰূপে অনুসৰণ কৰক।
৭. কাহৰ পৰা দূৰৈত থাকক।
৮. মাস্ক ব্যৱহাৰ নিয়মিত কৰক।
৯. বর্তমানৰ এটা সপ্তাহত খুব সাৱধানতা অবলম্বন কৰক।
১০. আপোনাৰ চৌপাশে কোনো হুলস্থুল হ’ব নিদিব।
১১. এতিয়াৰ পৰা ৬ মাহ চিনেমা হল, শ্বপিং মল, ভিৰ বজাৰলৈ নাযাব। সম্ভৱ হ’লে পার্ক, পার্টি ইত্যাদিও পৰিহাৰ উচিত।
১২. প্রতিৰোধ ক্ষমতা বঢ়াওক।
১৩. নাপিতৰ দোকানত বা বিউটি চেলুন, পার্লাৰত থকাৰ সময়ত খুব যত্নশীল হওক।
১৪. অপ্রয়োজনীয় সভাসমূহ এৰাই চলক, সদায় সামাজিক দূৰত্বৰ কথা মনত ৰাখক।
১৫. কৰোনাৰ ভাবুকি খুব শীঘ্ৰেই শেষ নহয়।
১৬. আপুনি বাহিৰলৈ ওলোৱাৰ সময়ত বেল্ট, অঙুঠি, ঘড়ী নিপিন্ধিব। ঘড়ীৰ প্ৰয়োজন নাই। আপোনাৰ মোবাইলতে সময় পাব।
১৭. হাতত ৰুমাল নহয়, চেনিটাইজাৰ ৰাখক।
১৮. আপোনাৰ ঘৰৰ ভিতৰলৈ জোতা নানিব। বাহিৰতে ৰাখক।
১৯. আপোনাৰ হাত ঘনাই পৰিষ্কাৰ কৰক।
২০. আপুনি যেতিয়াই ভাবে যে আপুনি কোনো সন্দেহজনক ৰোগীৰ ওচৰলৈ আহিছে, তেতিয়া সম্পূৰ্ণ স্নান কৰক।
২১. লকডাউন বা লকডাউন পৰৱর্তী ৬ মাহৰ পৰা ১২ মাহ এই সতর্কতা পালন কৰক।
২২. আপোনাৰ পৰিয়াল আৰু বন্ধুসকলৰ সৈতে এই বিষয়ে ভাগবতৰা কৰক।










