ASSAM TIMES POST
বিশেষ প্ৰতিবেদন :
এইবাৰৰ কাহিনী ৰাণু মণ্ডলৰ নহয়, এগৰাকী চাওতাল কিশোৰীৰহে।নেহা কাক্কৰক প্ৰত্যাহ্বান জনাব পাৰে এই চাওতাল কিশোৰীগৰাকীয়ে, গান শুনিলে হ’ব হতবাক!ৰাণু মণ্ডলক নিশ্চয় আপোনালোকৰ মনত আছে৷
যাৰ এটা গান ফেচবুকত ভাইৰেল হোৱাৰ পিছত ৰানাঘাট ষ্টেচনৰ পৰা চিধা বলিউডত খোজ ৰাখে ৰাণুই ৷ হিমেশ ৰেশমিয়াৰ সৈতে যুটি বান্ধি গোৱা গান তো একেবাৰে ছুপাৰহিট৷ আৰু তাৰ পিছত ৰাণু সমগ্ৰ বিশ্বজুৰি জনপ্রিয় ৷ এই ছ’চিয়েল মিডিয়াই ৰাণুক ষ্টাৰ বনাই দিছিল৷
কিন্তু এইবাৰৰ কাহিনী ৰাণুৰ নহয়, বৰং এগৰাকী চাওতাল কিশোৰীৰ ৷ যাৰ গান এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল ৷ নেহা কাক্কৰৰ ‘মেৰে তো সাৰি সবেৰে’ গাই ছ’চিয়েল মিডিয়াত একেবাৰে জোৱাৰ তুলিছে এইগৰাকী কিশোৰীয়ে৷গানৰ শৈলীত নেহা কাক্কৰক যে টক্কৰ দিবপৰাকৈ কোনো গুণে কম নহয় এই কিশোৰী, সেয়া গানটো শুনিলেই বুজিব পাৰিব।