ASSAM TIMES POST
নিউজ ডেস্ক:
ঝাৰখণ্ড চৰকাৰে এবছৰৰ বাবে ১১ বিধ পান মচলা নিষিদ্ধ কৰিছে৷ ৰাজ্যখনৰ সংশ্লিষ্ট বিভাগে বিভিন্ন জিলাৰ পৰা ৪১ বিধ পান মচলা সংগ্ৰহ কৰে৷ এই পান মচলাবোৰ পৰীক্ষা কৰি দেখিবলৈ পাই যে ইয়াত মেগনেছিয়াম কাৰ্বনেট আছে৷
এই মেগনেছিয়াম কাৰ্বনেট ২০০৬ চনৰ খাদ্য সুৰক্ষা আইন মতে নিষিদ্ধ কৰা হৈছে৷ চৰকাৰৰ এক বিবৃতিত এই কথা প্ৰকাশ৷ ৰাজ্য চৰকাৰৰ এক জাননীত স্বাস্থ্য বিভাগৰ সচিব নীতিন কুলকৰ্ণীয়ে কয়, ৰজনীগন্ধা, ৰাই নিৱাস, ডিলৰুবা আৰু আন ৪১ বিধ পান মচলা বিভিন্ন জিলাৰ পৰা সংগ্ৰহ কৰা হয়৷
এইবোৰ পান মচলা ২০১৯-২০ চনৰ কালচোৱাত পৰীক্ষা কৰি বিশ্লেষণ কৰে৷ এই সকলোবোৰতে মেগনেছিয়াম কাৰ্বনেট থকাতো পোহৰলৈ আহে৷ বৈজ্ঞানিক গৱেষণাৰ পাছত এইটো দেখিবলৈ পোৱা যায় যে এবছৰ ধৰি এই পান মচলা সেৱন কৰিলে হাইপাৰ মেগনেছিয়া আৰু আন কেতবোৰ হৃদৰোগত ভোগিব লগা হয়৷
মেগনেছিয়াম কাৰ্বনেট প্ৰয়োগ কৰি খাদ্য সুৰক্ষা আইন অবমাননা কৰা হৈছে৷ এই পান মচলাবোৰৰ বিক্ৰী, হ’ৰ্ডিং অঁৰা আৰু মজুত কৰা এবছৰৰ বাবে নিষিদ্ধ কৰা হৈছে৷ ইয়াৰ ভিতৰত অন্তভূক্ত হৈছে পান বাহাৰ, শিখৰ, পান পৰাগ আৰু অন্যান্য৷ পান মচলা নিষিদ্ধ কৰাত ঝাৰখণ্ড চৰকাৰে এক সাহসী পদক্ষেপ গ্ৰহণ কৰিল৷ উল্লেখযোগ্য যে এক সমীক্ষা মতে ৰাষ্ট্ৰীয় হাৰত গড় হিচাপে ঝাৰখণ্ডত ৩৮.৯ শতাংশ লোকে ধঁপাত জাতীয় সামগ্ৰী সেৱন কৰে৷