ASSAM TIMES POST
নিউজ ডেস্ক:
খেৰণিত কপিলী নৈৰ পানীত যোৱাকালিৰ পৰা সন্ধানহীন হৈ থকা ব্যক্তিৰ মৃত্যুদেহ উদ্ধাৰ। স্থানীয় একাংশৰ সহযোগত SDRF ৰ দলে উদ্ধাৰ কৰে সূৰুজ বিশ্বকৰ্মা (৪৩) নামৰ লোকজনৰ মৃতদেহটো।
ডেৰ ঘণ্টা জোৰা অভিযানৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয় সূৰুজ বিশ্বকৰ্মাৰ মৃতদেহ। উল্লেখযোগ্য যে যোৱাকালি খেৰণি থানা অন্তৰ্গত খেৰণি নেপালীবস্তিৰ পৰা আমৰেং বনাঞ্চলত খৰি লুৰিবলৈ বাদল বিশ্বকৰ্মা (১৩), বাদল বিশ্বকৰ্মা (১৫) আৰু ৰাজকুমাৰ বসুমতাৰীৰ সৈতে গৈছিল সূৰুজ বিশ্বকৰ্মা।
আৰু খৰিৰ ভুৰ সাজি পানীৰে আনি থকা অৱস্থাত দুৰ্ভাগ্যজনকভাৱে কপিলী নৈৰ পানীত সন্ধানহীন হয় সূৰুজ বিশ্বকৰ্মা নামৰ লোকজন। ইফালে সূৰুজ বিশ্বকৰ্মাৰ সহযোগী সংগী ৰাজকুমাৰ বসুমতাৰীকো উক্ত অঘটনৰ সময়ত সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল স্থানীয় লোকে।