
নিমিষাৰ ইনষ্টাগ্ৰাম একাউন্টৰ পৰা নাইকিয়া হ’ল সকলো পোষ্ট। ফটোৰ পৰা আৰম্ভ কৰি ৰীললৈ সকলো ডিলিট একাউণ্টৰ পৰা। কোনে চলাইছে নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউন্ট? কোনোৱে হেক কৰিছে নেকি নিমিষাৰ মোবাইল ফোন? ঘটনাস্থলীৰ পৰাই আৰক্ষীয়ে জব্দ কৰিছিল নিমিষাৰ মোবাইল। অন্য কাৰোবাৰ হাতত আছিল নেকি নিমিষাৰ একাউন্টৰ পাছৱৰ্ড? প্ৰেমিক তথা হত্যাত অভিযুক্ত আশীক আলীও আছে আৰক্ষীৰ জিম্মাত। তাৰ পিছত কেনেদৰে নোহোৱা হ’ল নিমিষাৰ ইনষ্টাগ্ৰামৰ সকলো পোষ্ট?













